বিজেপিত মুকলি সংঘাত, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰঃ কেবিনেট মৰ্যাদা এৰিলে প্ৰাক্তন মন্ত্ৰী তথা জেষ্ঠ নেতা ৰাজেন গোহাঁয়ে
গুৱাহাটীঃ ন পুৰনিৰ মাজত বিজেপিৰ ভিতৰচৰাত এতিয়া তীব্ৰ সংঘাত আৰম্ভ হৈছে৷ আনকি শাসনাধিষ্ঠিত দলটোত মুকলিকৈ সমালোচনা কৰিবলৈ কোনেও কুণ্ঠাবোধ নকৰা হল৷ জেষ্ঠ তথা পুৰনি নেতাকৰ্মীক গুৰুত্ব নিদি ন বিজেপিক আগস্থান দিয়াকলৈয়ো এতিয়া বিজেপিৰ নেতা কৰ্মীৰ দুৰত্ব বৃদ্ধি পাইছে৷ শেহতীয়াকৈ দলৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ সম্মুখত দলত সংস্কাৰৰ প্ৰয়োজন আছে বুলি মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰাৰ পিছত আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্র বিষোদগাৰ প্ৰকাশ কৰি কেবিনেট মৰ্যাদা এৰিলে দলৰ প্ৰাক্তন সভাপতি, চৰিবাৰৰ নগাঁৱৰ সাংসদ, জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁয়ে। তেওঁক কেবিনেট
মৰ্যাদাসহ চৰকাৰে দিয়া খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা আজি পদত্যাগ কৰিছে৷ পদত্যাগ পত্ৰখন ৰাজেন গোহাঁয়ে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াৰ হাতত অৰ্পণ কৰা বুলি জানিবলৈ দিছে৷ পদত্যাগ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে কয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও সমষ্টি আনৰ হাতত গতাই দিয়া হ’ল। যিটো আমি কোনো কাৰনতে মানি লব নোৱাৰো৷ গোহাঁয়ে লগতে কয়, ‘কেৱল মিঞাৰ ভোট নালাগে বুলি ক’লে নহয়তো। মই পূৰ্বেও আপত্তি দৰ্শাইছিলো, মুখ্যমন্ত্ৰীক জনাইছিলো। মোক প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া নহ’ল। অসমীয়া আৰু হিন্দুৰ ৰক্ষা কৰিব বুলি তেওঁ মুখেৰেহে কয়, হাতে–কামে
বসুন্ধৰা আঁচনিতো এটা বিশেষ সম্প্ৰদায়কহে আগস্থান দিয়াহে পৰিলক্ষিত হৈছে৷ তেওঁ আৰু কয় মই দলৰ বিৰুদ্ধে নাই যোৱা বা দল ত্যাগ কৰা নাই৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহাঁয়ে কয় ভৱেশ কলিতা অযোগ্য নহয়, কিন্তু তেওঁ স্বাধীনভাৱে সিদ্ধান্ত ল’ব নোৱাৰে। দলটোক আমি বৰ কষ্টৰে গঢ়িছিলো। চাৰিবাৰকৈ সমষ্টিটো আমাৰ হাতত আছিল। কিন্তু এতিয়া অন্য দলক জানি বুজি ৱাকঅভাৰ দিয়াৰ দৰে হল৷