সোণতোলা-বৰকুছিৰ শ্ৰীশ্ৰী মা বাঘেশ্বৰী পীঠত মাৰৈ পূজাঃ পানী যোগান ও খোৱা পানীৰ নল উদ্ধোধন
মিৰ্জাঃ পলাশবাৰীৰ সোণতোলা-বৰকুছিৰ শ্ৰীশ্ৰী মা বাঘেশ্বৰী পীঠৰ উন্নতি আৰু ৰাইজৰ মংগলাৰ্থে বিগত বছৰবোৰৰ দৰে এইবেলিও আজিৰে পৰা ১৯ আৰু ২০ আগষ্টত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘মাৰৈ পূজা’ আৰম্ভ হৈছে। পূজাৰ আৰম্ভ হোৱাৰ পূৰ্বে শ্ৰীশ্ৰী মা বাঘেশ্বৰী পীঠত পানী যোগান ও খোৱা পানীৰ নল শুভ-উদ্বোধন উপলক্ষে এখন সভা অনুষ্ঠিত হয়। বাঘেশ্বৰী পীঠ পৰিচালনা সমিতিৰ সভাপতি প্ৰৱীন নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আদৰণী ভাষণ ও উদ্দেশ্যে ব্যাখ্যা কৰে সাধাৰণ সম্পাদক নীৰেণ চন্দ্ৰ মালীয়ে। ইয়াৰ পিছতে বাঘেশ্বৰী পীঠত পানী যোগান ও খোৱা পানী নল আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে গ্ৰীণ
অৰ্কিড গ্ৰুপ অফ কোম্পানীৰ সঞ্চালক তথা বৰকুচি নিবাসী তপন মালীয়ে। উদ্বোধন কৰি সঞ্চালক মালীয়ে শ্ৰীশ্ৰী মা বাঘেশ্বৰী পীঠত বহু ভক্তপ্ৰাণ ৰাইজ তথা বনভোজ দল আহি খোৱা পানীৰ বাবে সমস্যাৰ সন্মুখীন হব লগা হয়। এই সমস্যা দূৰ কৰিব বাবে পৰিচালনা সমিতিৰ লগত আলোচনা কৰি গ্ৰীণ অৰ্কিড গ্ৰুপ অফ কোম্পানীৰ চি.এচ.আৰ শিতানৰ পৰা প্ৰায় ৩.৫ লাখ টকা ব্যয় সাপেক্ষে বাঘেশ্বৰী পীঠত পানী যোগান ও খোৱা পানীৰ নল নিৰ্মাণ কৰি দিয়া হয়। ইয়াৰ জড়িয়তে ভক্তপ্ৰাণ ৰাইজ তথা বনভোজ দল সকলে উপকৃত হব বুলি মালীয়ে মন্তব্য কৰে। ৰাইজৰ এই বহুদিনীয়া অভাৱ দুৰ কৰাত গ্ৰীণ অৰ্কিড গ্ৰুপ অফ কোম্পানীৰ সঞ্চালক
মালীক ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত সমাজকৰ্মী কুমুদ বৈশ্য, পদ্মনীল ডেকা, সাংবাদিক ৰতন কলিতা, পবিত্ৰ কুমাৰ দাসকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে মাৰৈ পূজাৰ কাৰ্যসূচী অনুসৰি আজি সন্ধিয়া প্ৰতিমা স্থাপন, অধিবাস, দুলনী বৰণ, দেউধা নাচ আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব। সেইদৰে ১৯ আগষ্টৰ পুৱাৰে পৰা ঘট বুৰণ, পদ্মকুমাৰী আৰু অষ্টনাগ পূজাৰম্ভ, বলি বিধান উচৰ্গা, পুষ্পাঞ্জলি প্ৰদান, স্তৱ পাঠ আৰু শান্তি, দেউধা নাচ, অভ্যাগতৰ অভ্যৰ্থনা আৰু ৰাইজৰ ভোগ বিতৰণ, নিশা আৰতী আৰু দেউধা নাচ সামৰণী আৰু প্ৰসাদ বিতৰণ। একেদৰে ২০ আগষ্টৰ পুৱা পদ্মকুমাৰী পূজাৰম্ভ,
বলি বিধান উচৰ্গা, হোম, পুষ্পাঞ্জলি প্ৰদান, স্তৱ পাঠ আৰু শান্তি, দেউধা নাচ, অভ্যাগতৰ অভ্যাৰ্থনা আৰু ৰাইজৰ ভোগ বিতৰণ, নিশা আৰতি, দেউধা নাচ সামৰণী, প্ৰতিমা বিসৰ্জন আৰু প্ৰসাদ বিতৰণ, বিদায় পৰ্ব অনুষ্ঠান অনুষ্ঠিত হ’ব। পূজাৰ সমূহ কাৰ্যসূচীৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।