ashomiyapatrika.com

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু অৰ্থ সাহাৰ্য্যত গাহৰি আৰু ছাগলী ফাৰ্মৰ খেতিয়কৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

0 56

বকোঃ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু অৰ্থ সাহাৰ্য্যত পৰিষদৰ অন্তৰ্গত এলেকাৰ খেতিয়কৰ জীৱন আৰু জীৱিকাৰ উত্তোৰণৰ লক্ষ্যৰে আয়োজন কৰা হৈছিল গাহৰি আৰু ছাগলী ফাৰ্মৰ খেতিয়কৰ প্ৰশিক্ষণ কৰ্মশালা। কামৰূপ জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ খেতিয়কক উপকৃত কৰিবলৈ যোৱা ১২ আগষ্টৰ পৰা পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছিল গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কৰ্মশালা খন। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জীৱ আৰু পশুপালন (ভেটেনাৰী) বিভাগৰ অৰ্থ সাহাৰ্য্যত বকোৰ পৰ্য্যটন বিভাগৰ পৰিদৰ্শন বাংলাত আয়োজন কৰা হৈছিল এই প্ৰশিক্ষণ কৰ্মশালা। পৰিষদৰ

পশুপাল আৰু পৰিবহন বিভাগৰ দায়িত্ববাহী কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই সঞ্চালনা কৰা কৰ্মশালা খন আজি আনুষ্ঠানিক ভাৱে সম্পন্ন হয়। উল্লেখ্য যে যোৱা ১২ আগষ্টত আনুষ্ঠানিক ভাৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিছিল পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই। আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া টংকেশ্বৰ ৰাভাই মুখ্য অতিথিৰ আসন অলংকৃত কৰি গাহৰি আৰু ছাগলী পালনৰ কৃষক সকলোক ঘৰুৱা উৎপাদন ক্ষেত্ৰত অধিক সজাগ হ’বলৈ পৰামৰ্শ আগবঢ়াই। অনুস্থানত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভা, কাৰ্য্যবাহী পাৰিষদ আদিত্য ৰাভা, ৰশ্মি বালা ৰাভা, ফনিন্দ্ৰ ৰাভাকে ধৰি বহু কেইজন পাৰিষদ। ইফালে

সাধাৰণ সদস্য পঞ্চমী ৰাভা, কল্পৰাম ৰাভা উদ্ধৱ ৰাভা, মিনতি ৰাভাকে ধৰি বহু কেইজন সদস্য সদস্যাই অংশগ্ৰহণ কৰে। ইফালে গাহৰি আৰু ছাগলী ফাৰ্ম পালন কৰা কৌশল আৰু ইয়াৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে লৱ লগা বিধি ব্যৱস্থাৰ ওপৰত আলোচনা কৰি আয়োজন কৰা প্ৰশিক্ষণ কৰ্মশালাত নডেল বিষয়া ডাঃ হেমন্ত কুমাৰ ডেকা, ডাঃ হিৰেন্দ্ৰ নাথ ডেকা, ডাঃ নৃপেন শৰ্মাকে ধৰি বহু কেইজন চিকিৎসা বিজ্ঞানৰ বিষয়া উপস্থিত থাকি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। প্ৰায় শতাধিক পুৰুষ মহিলাৰ অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুস্থানত সহযোগ আগবঢ়াই কামৰূপ জিলা পৰিষদৰ ১ নং বেকেলীৰ সদস্য শোভাৰাম ৰাভাৰ উপৰিও বহু কেইজন বিষয় ববীয়াই। যোৱা ১২ আগষ্টত শুভাৰম্ভ হোৱা খেতিয়কৰ কৰ্মশালা খন আজি আনুষ্ঠানিক ভাৱে সামৰণি পেলাই আৰু মুঠ আশী গৰাকী কৃষকক গাহৰি আৰু ছাগলী বিতৰণ কৰে।

Leave A Reply

Your email address will not be published.