ashomiyapatrika.com

বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পূজিৰে বকোত সামগ্ৰী বিতৰণ

0 35

বকোঃ বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদ অসমৰ উন্নয়ণ পূজিৰে আজি কামৰূপ জিলাৰ বকোত অত্যাৱশ্যকীয় ভিন্ন সা – সামগ্ৰী বিতৰণ কৰে। সমগ্ৰ দক্ষিণ কামৰূপৰ বড়ো – কছাৰী জনগোষ্ঠীৰ সামগ্ৰীক কল্যাণৰ বাবে বিতৰণ কৰা হয় লোক বাদ্য যন্ত্ৰ খাম অৰ্থাৎ মাদল আৰু অন্যান্য বাদ্য, সংঘ আৰু ক্লাৱক ফুটবল সহ খেলৰ সামগ্ৰী, শিপিনীৰ বাবে সুতা, খেতিয়কৰ বাবে ষ্পে মেচিন। উল্লেখ্য যে বকোস্থিত বড়ো ভাষা শিক্ষণ প্ৰতিস্থান ইউ এন একাডেমীৰ সভাগৃহত সামগ্ৰী বিতৰণ উপলক্ষে আয়োজন কৰা হয় এখন সভা।বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য দশৰথ বড়োৰ তত্বাৱধানত সামগ্ৰী বিতৰণী সভাত অংশগ্ৰহন কৰে

দক্ষিণ কামৰূপ জিলা বড়ো জাতীয় পৰিষদৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী। সামগ্ৰী বিতৰণী সভাত নগৰমল স্বৰ্গীয়াৰীয়ে বড়ো কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে বড়ো সমাজৰ আৰ্থ সামাজিক কল্যাণ সাধন কৰা হ’ব বুলি জানিব দিয়ে আৰু পৰিষদ খনক শুভেচ্ছা মুলক ভাষণ ৰাখে। দক্ষিণ কামৰূপ জিলা বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি হেমন্ত বড়ো, কোষাধ্যক্ষ নাৰায়ণ বড়ো আৰু কাৰ্য্যকৰী সদস্য সুমন বড়ো সহ বিষয় ববীয়া সকলৰ সহযোগত আয়োজন কৰে সামগ্ৰী বিতৰণী অনুস্থানটো।

Leave A Reply

Your email address will not be published.