ashomiyapatrika.com

যোৰহাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাঃ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতু উদ্বোধন

0 45

গুৱাহাটীঃ বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সেতুখন উদ্ধোধন কৰি এই উৰণীয়া সেতুখনৰ জৰিয়তে যোৰহাটৰ পৰা তিতাবৰ, গোলাঘাট আদি ঠাইলৈ যাতায়ত ব্যৱস্থা সুশৃংখলিত হ’ব বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে৷ তেওঁ লগতে সেতুখন জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা বুলি ঘোষণা কৰে৷ প্ৰায় ৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৮০৩.১৯ মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন মূল নিৰ্মাণকাৰ্য লগতে আনুসংগিকভাৱে সেতুখনৰ দুয়োটো দিশ সংযোগী পথ, উপ-পথ, সেৱা পথ,

পকী নলা আৰু পদ- পথ, বৈদ্যুতিক আৰু পানী যোগান আঁচনিৰ লাইন স্থানান্তৰিতকৰণৰ কাম পৰ্যায়ক্ৰমে সম্পূৰ্ণ কৰা হৈছে। আজিৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পৱিত্ৰ মাৰ্ঘেৰিটা, তপন কুমাৰ গগৈ, বিধায়কসকল ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন ভৰালী, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী আৰু ভাস্কৰ বৰুৱা, জিলা আয়ুক্ত পুলক মহন্তকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। যোৰহাটত থকা মূখ্যমন্ত্ৰীয়ে আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ সেতু উদ্ধোধনৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত

জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি প্ৰকাশিত স্মৰণিকাখনৰ লগতে Technology Inventory of Assam Agricultural University, কৃষি বিজ্ঞান পৰিভাষা কোষ (ইংৰাজী-অসমীয়া) শীৰ্ষক দুখন পুথি উন্মোচন কৰে। ইয়াৰ পিছতে জল জীৱনৰ মিচনৰ এটা কাৰ্যসূচীত অংশ লয় আৰু সন্ধিয়া যোৰহাটৰ প্ৰসিদ্ধ মইনাপৰীয়া নামঘৰত উপস্থিত হৈ শ্ৰীশ্ৰীনৃসিংহ প্ৰভুৰ শ্ৰীচৰণত সেৱা জনায়৷

Leave A Reply

Your email address will not be published.