ashomiyapatrika.com

জ্ঞানদাভীৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ এবিভিপিৰ উদ্যোগত ব্যতিক্ৰমী পদক্ষেপ

0 57

গুৱাহাটীঃ গুৱাহাটী জ্ঞানদাভীৰাম বৰুৱা আইন মহাবিদ্যালয় (জে বি ল’ কলেজ)ৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আজি যতে যতে ৭৭ সংখ্যক স্বাধীনতা দিবস উদযাপনৰ পিচত ৰাষ্টাই ঘাটে পেলাই থৈ যোৱা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা সমুহ পৰিস্কাৰ কৰি সংগ্ৰহ কৰাৰ বিশেষ এক কাৰ্য্যসুচী পালন কৰে৷ দেশৰ স্বাভীমান আৰু গৌৰৱ ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰাটো দেশৰ সকলো নাগৰিকৰে প্ৰধান দায়িত্ব আৰু কৰ্তব্য৷ ভাৰতীয় সংবিধানেও সেই কথাটো নিশ্চিত কৰিছে৷ আইনৰ ছাত্ৰ হিছাপে এক সাৰ্বজনীন বাৰ্তা দিয়াৰ উদ্দেশ্যৰে জেবি আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কলেজখনৰ এবিভিপি গোটৰ উদ্যোগত ৰাস্তাৰ কাষত অথবা যতে

ততে পৰি থকা পতাকাবোৰ সংগ্ৰহ কৰি গুৱাহাটী পৌৰ নিগমৰ হাতত অৰ্পন কৰে। এইক্ষেত্ৰত এবিভিপি গোটৰ জে বি কলেজৰ সভাপতি অনিৰ্বাণ বৰ্মনৰ লগতে ৰিতুস্মিতা ডেকা, কৃষাঙ্গ শ্যাণ্ডিল্য৷ জিষ্ণুজ্যোতি ভূঞা, ভাস্বত বৰুৱা, কৃষানু প্ৰতীম নাথ আৰু ভাৰ্গব দাস, অমিত তালুকদাৰকে আদি কৰি বহুতো দায়িত্ববাহী কাৰ্যকৰ্তাই এই ক্ষেত্ৰত আগভাগ গ্ৰহন কৰি এই বিশেষ কাৰ্য্যসুচী সফল কৰি তোলে। তেওলোকৰ এই মহান প্ৰচেষ্টাক বিভিন্ন মহলে প্ৰশংসা কৰে আৰু আশাপ্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় পতাকাক আমি সদায় যাতে প্ৰকৃত সন্মান দিবলৈ সক্ষম হও৷

Leave A Reply

Your email address will not be published.