চাকৰি নিয়মীয়াকৰণৰ ঘোষণাই আশাৰ সঞ্চাৰ কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলৰ
মুখ্যমন্ত্ৰীৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ঘোষণাত কৃতজ্ঞতা প্ৰকাশ শিক্ষক সমাজৰ
গুৱাহাটীঃ দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত কালি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই ৰাজ্যৰ সৰ্বশিক্ষা আৰু ষ্টেটপুলৰ অধীনত কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই কথাই স্বাভাৱিকতে ৰাজ্যখনৰ ঠিকাভিত্তিক কৰ্মৰত শিক্ষক সকলৰ মনলৈ আনন্দৰ জোৱাৰ আনিছে। উল্লেখযোগ্য যে ২০১২ চনৰ পৰাই কেইবাটাও পৰ্য্যায়ত নিযুক্তি লাভ কৰি অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা ৩৫ হাজাৰৰো অধিক শিক্ষকে চাকৰি নিয়মীয়াকৰণেৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল। শাসনাধিষ্ঠিত চৰকাৰখনেও বিগত ২০১৬
বৰ্ষতেই দল শাসনলৈ আহিলে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনকি দলৰ ভিজন ডকুমেণ্টতো ই স্থান লাভ কৰিছিল। কিন্ত্ত যিকোনো কাৰণতেই নহওক পৰৱৰ্তী কালত শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টোৱে কাৰ্যকৰী ৰূপ পোৱা নাছিল। যাৰ পৰিপ্ৰেক্ষিতত এই শিক্ষক সকলে চৰকাৰী পক্ষৰ ওচৰত নানা আবেদন-নিবেদন জনাই নিজৰ প্ৰাপ্যৰ কথা অৱগত কৰি আহিছিল। বহু সময়ত উপায়ন্তৰ হৈ একান্ত অনিচ্ছাসত্বেও গণতান্ত্ৰিক পদক্ষেপ গ্ৰহণ কৰিবলগীয়াও হৈছিল। কিন্ত্ত সংঘাতময় পৰিস্থিতিৰ মাধ্যমেৰে কোনো সমস্যাৰ সমাধান নহয় বুলিও শিক্ষক সমাজে আন্তৰিকতাৰে বিশ্বাস কৰিছিল। সেই বাবেই টেট্
উত্তীৰ্ণ শিক্ষক সকলৰ ঐক্যবদ্ধ চেতনাৰ অনুষ্ঠান ‘সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ’ৰ তৰফৰ পৰা বিভিন্ন সময়ত চৰকাৰ তথা বিভাগৰ লগত আনুষ্ঠানিক আলোচনাৰ মাজেৰে শিক্ষক সকলৰ প্ৰতিটো সমস্যা সমাধানৰ নিৰলস প্ৰয়াস অব্যাহত ৰখা হৈছিল। শিক্ষক সকলৰ এই সকলো জল্পনা-কল্পনাৰ মুখনি মাৰি দেশৰ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষক সকলৰ চাকৰিৰ সুৰক্ষাৰ বাবে ত্ৰিৰংগ পতাকাৰ তলত যি ঘোষণা দিলে তাৰ বাবে সমগ্ৰ ৰাজ্যখনৰ ঠিকাভিত্তিক শিক্ষক সকলে কালিৰ দিনটোত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী গৰাকীক কৃতজ্ঞতাৰে উপচাই দিয়ে। এই প্ৰসঙ্গত মুখ্যমন্ত্ৰী
গৰাকীয়ে অতি শীঘ্ৰেই এখন কমিটি গঠন কৰি এই প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপ দিয়াৰ বাবে যি আগ্ৰহ প্ৰকাশ কৰিলে তাৰ বাবে সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজেও কৃতজ্ঞতা প্ৰকাশ কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয় যে- মুখ্যমন্ত্ৰী গৰাকীৰ এই ঘোষণা অতি সময়োচিত আৰু তেখেতৰ সমাজ হিতৈষী চেতনাৰ পৰিচায়ক। তেখেতৰ এই দূৰদৰ্শী চিন্তাৰ পৰিস্ফূৰণে সমগ্ৰ অসমৰ ঠিকাভিত্তিক শিক্ষক সকলে ভুগি থকা হতাশা আৰু নিৰাশাৰ উপশম ঘটাইছে। ইয়াৰ ক্ষিপ্ৰ আৰু যথোপযুক্ত কাৰ্যৰূপায়নে শিক্ষক সকলক মানসিক চাপমুক্ত কৰি অসমৰ শৈক্ষিক
প্ৰগতিত অনন্য জাগৰণ আনিবলৈ সক্ষম হ’ব বুলিও দৃঢ়মত পোষণ কৰে। শিক্ষক সকলৰ বিগত সুদীৰ্ঘ কাল সেৱাৰ প্ৰকৃত মূল্যায়নৰ স্বীকৃতি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবে সমাজৰ কাৰ্যকৰী সভাপতি সন্দীপ দেৱ চৌধুৰীয়েও কৃতজ্ঞতা প্ৰকাশ কৰে। সঠিক সময়ত ইয়াৰ কাৰ্যকৰীকৰণে অসমৰ শৈক্ষিক প্ৰগতিত মাইলৰ খুটিস্বৰূপ হৈ ৰ’ব বুলিও আশা প্ৰকাশ কৰে। সমাজৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ শিক্ষক সকলক লৈ কৰা এই ঘোষণা ঐতিহাসিক বুলি ব্যক্ত কৰে। ইয়াৰ কাৰ্যকৰীকৰণৰ দ্বাৰা অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব
পৰা সপোনটো সাকাৰ ৰূপ দিয়াত শিক্ষক সকল নিশ্চিতভাৱে অংশীদাৰ হ’ব বুলিও আশা প্ৰকাশ কৰে। ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰীত্বৰ কালত ঠিকাভিত্তিক হিচাপে নিযুক্তি লাভ কৰি অসমৰ শৈক্ষিক প্ৰগতিৰ অক্লান্ত সৈনিক ৰূপে সেৱা আগবঢ়াই থকা ৩৫ হাজাৰৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে তেখেতৰেই মুখ্যমন্ত্ৰীত্বৰ এই কাৰ্যকালতে চাকৰি নিয়মীয়াকৰণৰ দ্বাৰা ভৱিষ্যত সুনিশ্চিত কৰাৰ সুযোগ লাভ কৰাৰ গভীৰ আশাৰে কৃতজ্ঞতা প্ৰকাশ কৰে। আন এগৰাকী সাধাৰণ সম্পাদক পার্থ প্ৰতিম গগৈয়ে মুখ্যমন্ত্ৰীৰ এই শিক্ষক সকলৰ প্ৰতি থকা গভীৰ আস্থা আৰু আন্তৰিকতাক সন্মান জনাই কয় যে ৰাজ্যৰ অতি জলন্ত সমস্যাসমূহৰ সমাধানসূত্ৰ ৰচনাত
বৰ্তমান চৰকাৰখন অতি সজাগ। শিক্ষক সকলৰ ভৱিষ্যতক লৈ হোৱা শংকা দূৰীকৰণ কৰি চাপমুক্ত হৈ সেৱা আগবঢ়াব পৰাকৈ মুখ্যমন্ত্ৰী গৰাকীৰ চিন্তাক বাস্তৱ ৰূপ দিয়াৰ বাবে বিভাগীয় সক্ৰিয়তাৰ কথাও দোহাৰে। শিক্ষক সকলৰ দীৰ্ঘদিনীয়া চাকৰি নিয়মীয়াকৰণৰ সমস্যা সমাধানৰ হেতু চৰকাৰখনৰ ইতিবাচক চিন্তাৰ বাবে বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৰো শলাগ লয় শিক্ষক সমাজৰ কেন্দ্ৰীয় নেতৃত্বই। উল্লেখ্য যে কিছুদিন পূৰ্বে শিক্ষক সমাজৰ দ্বাৰা আয়োজিত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতে এই শিক্ষক সকলৰ প্ৰতি চৰকাৰখনৰ বিশ্বাস আৰু আন্তৰিকতাৰ কথা ব্যক্ত কৰিছিল। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ সদিচ্ছাকো শিক্ষক সমাজে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।