কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন
গুৱাহাটীঃ দেশ বিভাজনৰ কৰুণ ইতিহাস সুঁৱৰি আজি কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ পালন কৰা হয়৷ অনুষ্ঠানত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক তথা মহাবিদ্যালয় খনৰ শৈক্ষিক ডীন ড° ৰাহুল এছ মজুমদাৰে ভাৰত বিভাজনৰ সময়ৰ কৰুণ ইতিহাসক সামৰি বক্তৃতা প্ৰদান কৰে৷ তেওঁ কয়, ‘ভাৰত বিভাজন মানৱ সভ্যতাৰ ইতিহাসৰ নৃশংসতম দেশ বিভাজন৷ সেই সময়ত মৃত্যু হোৱা লোকৰ সংখ্যাই প্ৰথম বিশ্বযুদ্ধত নিহত লোকৰ
সংখ্যাকো অতিক্ৰম কৰিছিল৷’ তেওঁ ভাৰত বিভাজনৰ সময়ত হোৱা হিংসাত মহিলা আৰু শিশু সবাটোকৈ বেছি আক্ৰান্ত হৈছিল বুলি মন্তব্য কৰি এই সম্পৰ্কীয় বহুকেইটা হৃদয় বিদাৰক কাহিনী বৰ্ণনা কৰে৷ তেখেতে পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে দেশ বিভাজনৰ দুঃসময়ৰ বহুকেইখন ছবি প্ৰদৰ্শন কৰে৷ অনুষ্ঠানত ভাৰত বিভাজনৰ সময়ত মৃত্য হোৱা আৰু হিংসাৰ বলি হোৱা লোকসকলক স্মৰণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ জিলা আয়ুক্ত কাৰ্যলয়ৰ অৰ্ধশতাধিক বিষয়া- কৰ্মচাৰী কাৰ্যসূচীত উপস্থিত থাকে৷