অসম এথলেটিকছ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাঃ জয়ন্ত মল্লবৰুৱা সভাপতি আৰু গীতাৰ্থ গোস্বামী সাধাৰণ সম্পাদক নিৰ্বাচিত
গুৱাহাটীঃ সৰুসজাই ষ্টেডিয়ামৰ সভাকক্ষত অসম এথলেটিকছ সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নতুন সমিতি নির্বাচনৰ সভাখনি আজি অনুষ্ঠিত হৈ যায়৷ সভাৰ আৰম্ভণিতে প্রাক্তন আন্তৰাষ্ট্ৰীয় খেলুৱৈ তৈবুননিচাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ক্রীড়াবিদক সম্বৰ্ধনা জনোৱা হয়, ইয়াৰ পিছতেই যোৱা কাৰ্যকালৰ সম্পাদকীয় প্রতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক অশোক কুমাৰ ভৰালীয়ে আৰু বিত্তীয় প্রতিবেদন পাঠ কৰে কোষাধ্যক্ষ বাবুল খানে, সভাপতিৰ মন্তব্যত যোৱাটো কাৰ্যকালৰ সফল উপলব্ধিৰ বিষয়ে ব্যাখ্যা কৰে লক্ষ্য কোঁৱৰে। সভাৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি নতুন সমিতি নির্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়, নির্বাচনী বিষয়া ইন্দ্রনীল গগৈৰ
তত্বাৱধানত অনুষ্ঠিত হোৱা নতুন সমিতিৰ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত সাধাৰণ সভাক উদ্দেশ্যি দিয়া ভাষণৰ অন্তত সভাপতি লক্ষ্য কোঁৱৰে আগন্তুক চাৰি বছৰীয়া কাৰ্যকালৰ বাবে আগবঢ়োৱা সাধাৰণ সম্পাদকৰ প্রার্থীত্বৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰে। পৰৱৰ্তী পৰ্যায়ত নির্বাচনী বিষয়াই আগন্তুক কাৰ্যকালৰ বাবে অসম এথলেটিকছ সন্থাৰ নতুন সমিতিৰ সভাপতি হিচাপে নলবাৰী জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্লবৰুৱা, জ্যেষ্ঠ উপ-সভাপতি হিচাপে বিধায়ক জয়ন্ত বসুমতাৰী, উপ-সভাপতি হিচাপে ক্রমে বিধায়ক মানৱ ডেকা, অশোক কুমাৰ ভৰালী আৰু কৰুণা দত্ত, সাধাৰণ
সম্পাদকৰ পদত অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক, জ্যেষ্ঠ যুটীয়া সম্পাদকৰ পদত নিপন দাস, যুটীয়া সম্পাদক পদত আব্দুৰ ৰহিম জিব্ৰান, চেমুৱেল দৈমাৰী, কোষাধ্যক্ষ হিচাপে ঋতুবৰণ শৰ্মা, সদস্য হিচাপে অঞ্জন গোস্বামী, বাবুল খান, ধ্রুৱজ্যোতি কলিতা, নিমেজ ব্রাহ্মা, সুদীপ কুমাৰ দাসক নির্বাচিত কৰে। এই সভাতেই নব-নির্বাচিত সভাপতি জয়ন্ত মল্লবৰুৱাই বিদায়ী সভাপতি লক্ষ্য কোঁৱৰক অসম এথলেটিকছ সন্থাৰ অনানুষ্ঠানিক উপদেষ্টা হিচাপে নাম প্ৰস্তাৱ কৰে আৰু সেই প্ৰস্তাৱ নৱ-নৰ্বাচিত সাধাৰণ সম্পাদক গীতার্থ গোস্বামীয়ে সমর্থন কৰে। সভাত ইণ্ডিয়ান এথলেটিকছ সন্থাৰ পৰ্যবেক্ষক ফাইগুলি পেৰিয়াড আৰু অসম অলিম্পিক সন্থাৰ পর্যবেক্ষক হিচাপে কল্যাণ গগৈ উপস্থিত আছিল।