ashomiyapatrika.com

অসমসহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি

0 23

গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্য কেইখনত ২৮ মে’ৰ পৰা চলি আছে ভূমিকম্পৰ উজান৷ কিয়নো এমাহতকৈ কম বিৰতিৰ অন্তত আজি আবেলি মধ্যমীয়া প্রাবল্যৰ এটা ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি যায়৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় সময় মতে আবেলি ১ বাজি ২৭ মিনিট ৫৮ ছেকেণ্ডত প্ৰায় ১৫ ছেকেণ্ড সময়ৰ বাবে জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্যৰ পৰিমাণ আছিল ৩.৭ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ উত্তৰ পূব দিশত ৫ কিলোমিটাৰ গভীৰতাত৷

অৱশ্যে ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই । ইয়াৰ পূৰ্বে ২৮ মে’ত বিয়লি ২ বাজি ৫৮ মিনিটৰ পৰা ৩ বাজি ৫৮ মিনিটলৈ মাত্ৰ এঘণ্টাৰ ভিতৰত চাৰিটাকৈ নিম্ন আৰু মজলীয়া কম্পনাংকৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্য জোকাৰি গৈছিল। ইয়াৰ ভিতৰত দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ পশ্চিম খাছী পাহাৰ জিলা আৰু দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ গাতে লগা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা৷

Leave A Reply

Your email address will not be published.