গুৱাহাটীত চি আৰ পি এফৰ উদ্যোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী
গুৱাহাটীঃ ‘ঘৰে ঘৰে জাতীয় পতাকা৷ দেশৰ প্ৰতিঘৰ বাসিন্দাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে নিজৰ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰক। আগন্তুক স্বাধীনতা দিৱস উপলক্ষে দেশৰ নাগৰিকসকলৰ মাজত সজাগতা সৃষ্টিৰ হেতু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফেও সমগ্র দেশতেই ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি চি আৰ পি এফৰ নমাইলস্থিত গুৱাহাটী গ্ৰুপ চেন্টাৰৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীত এক বাইক ৰেলী উলিওৱা হয়। গ্ৰুপ চেন্টাৰৰ
উপ মহাপৰিদৰ্শক মানস ৰঞ্জনৰ তত্ত্বাৱধনাত উলিওৱা বাইক ৰেলীত কমাডেণ্ট ৰাম আতাৰ সিং, ডেপুটী কমাডেণ্টদ্বয় সুধাকৰ ডুবে আৰু টি হকিপকে ধৰি গ্ৰুপ চেন্টাৰৰ ৬০ জন বিষয়া – জোৱানে অংশগ্ৰহণ কৰে। ৰেলীত ভাগ লোৱা বিষয়া – জোৱান সকলে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ৰাইজক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়৷