ashomiyapatrika.com

বকো ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনঃ বাৰ্ষিক মূখপাত্ৰ ‘ছামৰূপা’ উন্মোচন

0 49

বকোঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ‘ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়’ৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্য্যসূচীৰে মহাবিদ্যলয় প্ৰেক্ষগৃহত পালন কৰা হয় ৷ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাণকৃষ্ণ দেৱ নাথে পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিচতে শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ বাপ নিগমানন্দ অধিকাৰীয়ে৷ দিনৰ ১১ বজাত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্য্যসূচী মুকলি অনুষ্ঠান ৷ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° লোহিত ৰাভাই আত ধৰা মুকলি অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত

অধ্যক্ষ প্ৰাণকৃষ্ণ দেৱ নাথে ৷ উদ্বোধনী ভাষণত ১৯৯৪ চনত স্থাপিত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে হোৱা উত্তোৰণ, ইয়াৰ কণ্টকময় শৈক্ষিক যাত্ৰা আৰু ছমৰীয়া সত্ৰ পৰিচালনা সমিতি লগতে বিভিন্ন পুৰোধা ব্যাক্তিৰ অৰিহণাৰ এক বিস্তৃত আলোকপাত কৰে৷ ইফালে, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি প্ৰকাশ কৰি উলিওৱা মহাবিদ্যালয়ৰ বাৰ্ষিক মূখপাত্ৰ ‘ছামৰূপা’ উন্মোচন হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়াই ৷ মুখপাত্ৰ উন্মোচনী ভাষণত ড° চহৰীয়াই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অধ্যয়নশীলতা আৰু আধ্যাত্মিক জ্ঞান আহোৰণৰ ওপৰত গুৰুত্ব দি পুথিভঁৰাল জন্মৰ এক

ইতিহাস দাঙি ধৰে ৷ ছমৰীয়া আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন মজুমদাৰৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি অনুষ্ঠানটিত ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ বাপ নিগমানন্দ অধিকাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা দীপামনি শালৈ মহন্ত, মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক গজেন্দ্ৰ মহন্ত প্ৰমূখ্যে কেবাগৰাকী বিশিষ্ঠ অতিথিয়ে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মূল্যৱান বক্তব্য দাঙি ধৰে ৷ উল্লেখ্য, প্ৰতিষ্ঠা দিৱসৰ কেক কাটে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন মজুমদাৰে ৷ ইফালে, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ অধ্যাপিকা গুনদা

দাসৰ তত্বাৱধানত ছাত্ৰী সকলে পৰিৱেশন কৰৈ সাংস্কৃতিক বিচিত্ৰানুষ্ঠানে উপস্থিতি সকলোকে মোহিত কৰে ৷ মুকলি অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা ক্ৰমে নুৰুল ইচলাম আবুশ্বামা আহমেদ, আব্দুচ ছালাম, নুৰ মহম্মদ আল আমিন,ড° জামাল উদ্দিন আহমেদ, ড° ইউছোব হুছেইন, জয়ন্ত কুমাৰ,ড° গীতিকা দাসৰ লগতে মহাবিদ্যালয়ৰ সমূহ অধ্যাপক- অধ্যাপিকা- কৰ্মচাৰী আৰু মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত কেবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.