পলাশবাৰী ৰামপুৰত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ ‘সৰঞ্জাম নিৰ্মাণ কেন্দ্ৰ’ৰ শুভ-উদ্বোধন
মিৰ্জাঃ পলাশবাৰীৰ ৰামপুৰত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ উদ্যোগত নৱ-নিৰ্মিত ‘সৰঞ্জাম নিৰ্মাণ কেন্দ্ৰ’টোৰ আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই ‘খাদী হৈছে বিশুদ্ধতাৰ প্ৰতীক। খাদীৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহ সম্পূৰ্ণ শতাংশ গুণগত মানসম্পন্ন। মহামানৱ মহাত্মা গান্ধীৰ অন্তৰ্নিহিত দৰ্শন খাদীয়ে জনতাৰ মাজলৈ নিবলৈ অহৰহ প্ৰয়াস কৰি আহিছ’ বুলি ভাষণ প্ৰসঙ্গত মন্তব্য কৰে। লগতে কলিতাই এখন আত্মনিৰ্ভৰশীল অসম বা ভাৰত গঢ়িবলৈ প্ৰতিগৰাকী নিবনুৱা যুৱক-যুৱতীয়ে খাদীৰ আঁচনিবোৰত একাগ্ৰতাৰে মনোযোগ দি স্বাৱলম্বী
হোৱাৰ পথ গ্ৰহন কৰাটো বৰ্তমান সময়ৰ আহ্বান বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সৰঞ্জাম নিৰ্মাণ কেন্দ্ৰটোৰ শুভ-উদ্বোধনত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি ৰামপুৰৰ লগতে দক্ষিণ কামৰূপৰ বাবে আজিৰ দিনটো এটা শুভ-দিন বুলি মন্তব্য কৰে। বিধায়ক ঠাকুৰীয়াই হেঙেৰাবাৰীৰপৰা সৰঞ্জাম নিৰ্মাণ কেন্দ্ৰটো ৰামপুৰলৈ স্থানান্তৰ কৰি এটা মহৎ কাৰ্য কৰা বুলি ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা আৰু উপাধ্যক্ষকে ধৰি বিষয়া- কৰ্মচাৰী সকলক ভূয়সী প্ৰশংসা কৰে। খাদী ব’ৰ্ডৰ বিষয়া বিপুল হাজৰিকাই আঁত ধৰা উদ্বোধনী সভাখনৰ আৰম্ভণিতে আদৰণি ভাষন দিয়ে ব’ৰ্ডৰ উপাধ্যক্ষ হৰেন দেউৰীয়ে। আদৰণি ভাষনত
উপাধ্যক্ষ দেউৰীয়ে ৰামপুৰত নতুনকৈ নিৰ্মিত এই কেন্দ্ৰটোত মৌ-পালনৰ বাকচ, তাত-শালকে ধৰি বোৱা-কটাৰ বিভিন্ন সজুলি নিৰ্মাণৰ কাৰখানা হিচাপে গঢ়ি তোলা হব বুলি মন্তব্য কৰে আৰু এই কেন্দ্ৰটোক আগবঢ়াই নিবলৈ স্থানীয় ৰাইজে কৰিবলগীয়া সহযোগিতা অত্যন্ত দৰকাৰী বুলি মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানটোত অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।