বকো উন্নয়ণ খণ্ডৰ ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তত আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ
বকোঃ ৰাজ্যত শাসনাধীন বি জে পি চৰকাৰৰ দূৰ্ণীতি মুক্ত শ্লোগান ধোঁৱাচাঙত তুলিছে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। ইফালে চৰকাৰী ভাষা মতে – উৎকোচ লোৱা আৰু দিয়া অপৰাধ যদিও এচাম চৰকাৰী কৰ্মচাৰীৰ বাবে উৎকোচ লোৱাটো সংবিধান প্ৰদত্ত বিধিত পৰিণত হৈছে। এই ঘটনা কামৰূপ জিলাৰ বকোৰ। উল্লেখ্য যে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১০ নং দক্ষিণ বকো গাওঁ পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী তথা জি পি চি কবীৰ হুছেইন আৰু জি আৰ এছ নকুল দাসৰ বিৰুদ্ধে উত্থাপন হৈছে আৱাস গৃহৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা অভিযোগ। এই অভিযোগ উত্থাপন কৰে পঞ্চায়ত খনৰ অধিনৰ আগছিয়া গাওঁৰ বিদ্যাধৰ ৰাভাই। বিদ্যাধৰ ৰাভাই আজি
সাংবাদিকৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি পঞ্চায়তৰ পৰা লাভ কৰা প্ৰধান মন্ত্ৰী আৱাস গৃহ প্ৰদান কৰাৰ বাবদ জি পি চি কবীৰ হুছেইন আৰু জি আৰ এছ নকুল দাসে দুই হাজাৰ টকা উপঢৌকন লয়। ইয়াৰ আগতেও নথি পত্ৰ বনোৱাৰ বাবদ ৫০০/১০০০ টকা ঘোচ লোৱা বুলি প্ৰকাশ কৰে। আনহাতে গাওঁ খনৰ একাংশ সচেতন লোকে অভিযোগ কৰে যে পঞ্চায়তৰ কৰ্মীয়ে হিতাধিকাৰীৰ পৰা উৎকোচ লোৱা বহু উদাহৰণ আছে। ইফালে পঞ্চায়ত খনৰ বহু হিতাধিকাৰী ধনী। পঞ্চায়তৰ আৱাস গৃহ প্ৰদান কৰা গাইড লাইনত নপৰা হিতাধিকাৰীয়েও লাভ কৰিছে আৱাস গৃহ। বহু দৰিদ্ৰ পৰিয়ালৰ নাম কৰ্তন কৰা বুলিও অভিযোগ উত্থাপন হৈছে। বহু ধনী ধনী লোকেও চৰকাৰী
আৱাস গৃহ পাইছে। এই লৈ বহু দৰিদ্ৰ পৰিয়ালৰ ক্ষোভ সৃষ্টি হৈছে। বকো বৰপাৰাত কেৱাজনো হিতাধিকাৰী প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গাইড লাইনত নপৰাকৈ কিবা ৰহস্য জনক কাৰণত প্ৰদান কৰিছে চৰকাৰী গৃহ। পঞ্চায়ত খনৰ জি পি চি গৰাকীৰ এনে কাৰ্য্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গাওঁ বোৰত। এই ক্ষেত্ৰত খণ্ড উন্নয়ণ বিষয়া গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।