ashomiyapatrika.com

দেশজুৰি ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ বিক্ষোভ সমদলঃ অসমৰ বিভিন্ন স্হানত আজিও উত্তাল প্ৰতিবাদ

0 35

গুৱাহাটীঃ দেশৰ সংবিধান আৰু শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰ ৰক্ষাৰ হকে যোৱা ৯ আগষ্টৰ পৰা আৰম্ভ হোৱা শ্ৰমিক কৰ্মচাৰীৰ বিক্ষোভ সমদলে আজিও উত্তাল কৰিলে ৰাজ্যৰ বিভিন্ন ঠাই। জানিব পৰা মতে অসমৰ গোলাঘাট, বৰপেটা, তামুলপুৰ, হাজো, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, তিনিচুকীয়া,ডিব্ৰুগড়, যোৰহাট, নগাঁও, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, ৰঙাপাৰা, মঙ্গলদৈ, টংলা, নলবাৰী, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, আদি ঠাইত আৰু জিলাত শ শ শ্ৰমিক কৰ্মচাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। বিভোভকাৰী সকলে মোডী হাতাও দেশ বচাও শ্লোগান দি পৰিবেশ উত্তাল কৰে। কাৰ্যসূচীবোৰত চি আই টি ইউকে ধৰি বিভিন্ন ট্ৰেড ইউনিয়নৰ নেতাসকলে

বিজেপি চৰকাৰৰ জনবিৰোধী নীতি বাতিল কৰাৰ দাবী জনাই। ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে কামৰূপ মহানগৰ জিলাৰ সোনাপুৰতো প্ৰায় ৫ শতাধিক শ্ৰমিক-কৰ্মচাৰী মিলিত হৈ প্ৰতিবাদী সভা অনুস্থিত কৰে আৰু সোনাপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই আৰু চক্ৰ বিষয়াৰ জৰিয়তে অসম মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সোনাপুৰত হোৱা কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক নেতা মদন তালুকদাৰ, ভোলা শৰ্মা, প্ৰতুল বৰ্মন, মুকুটমনি দাস, বীনাপানী বড়া, ভুৱনেশ্বৰ বৰুৱাই বক্তব্য ৰাখে। একেদৰে তামুলপুৰত হোৱা কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা উপস্থিত থাকি প্ৰতিবাদকাৰীসকলৰ ওচৰত বক্তব্য ৰাখে।

বক্তা সকলে কয় যে ১৯৪২ চনৰ ৯ আগষ্টৰ দিনাৰ পৰা ভাৰতৰ পৰা বৃটিছক খেদি পঠোৱাৰ বাবে ভাৰত ত্যাগ আন্দোলন সংগঠিত কৰা হৈছিল। তাৰেই সোঁৱৰণত শ্ৰমিজীৱি জনগণৰ শত্ৰু বিজেপি চৰকাৰক দেশৰ পৰা উৎখাত কৰাৰ বাবে দেশৰ শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহে যৌথভাৱে আজি ৯ আগষ্টৰ পৰা দেশজোৰা শ্ৰমিক বিক্ষোভ সংগঠিত কৰিছে। বৰ্তমান সময়ত বি জে পি শাসনতো সেই বৃটিছৰ সময়তকৈ অধিক শোষণ আৰু নিৰ্যাতনৰ সন্মুখীন হৈছে দেশৰ সৰ্বসাধাৰণ ৰাইজ। সেয়েহে আজি দেশ বচাওক, দেশবাসীক বচাওক অভিযান আৰম্ভ কৰা হৈছে। বিজেপি চৰকাৰে জনসাধাৰণৰ জীৱন-জীৱিকা আৰু মৌলিক অধিকাৰৰ

ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ ফলত অধিকাংশ লোকৰ কল্পনাতীত দুখ দুৰ্দশা আৰু অভাৱ বৃদ্ধি হৈছে। বিজেপি চৰকাৰৰ অপশাসনক উৎখাত কৰি দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাটো আজিৰ সময়ৰ জৰুৰী কৰ্তব্য হৈ পৰিছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰেও সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ অধিকাৰ কাঢ়ি নিছে, গণতন্ত্ৰ হত্যা কৰি সাম্প্ৰদায়িক ঘৃণাৰ বিষবাস্প বিয়পাই আছে। চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেই চৰকাৰে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰাৰ বাবে চেষ্টা চলাই আছে। বিজেপি চৰকাৰৰ জনবিৰোধী নীতি তথা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সকলো দেশপ্ৰেমীক ৰাইজক

আগবাঢ়ি আহিবলৈ বক্তাসকলে আহ্বান জনায়। বিজেপি চৰকাৰে শ্ৰমিকৰ সকলো অধিকাৰ কাঢ়ি নিয়া ব্যৱস্থা লৈছে বুলি বক্তাসকলে অভিযোগ কৰে। বক্তাসকলে কয় যে খাদ্য আৰু জীৱনদায়িনী ঔষধকে ধৰি অত্যাৱশ্যকীয় বয়বস্তুৰ দাম বৃদ্ধি ৰোধ কৰা, অসমৰ বিজেপি চৰকাৰে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি বন্ধ কৰা, সকলো সাম্প্ৰদায়িক শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ ব্যৱস্থা কৰা, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰা, অসমত শ্ৰম কোড প্ৰয়োগ কৰা বন্ধ কৰা, শ্ৰমিকৰ ন্যুনতম মজুৰি মাহিলি ২১,০০০ টকা ধাৰ্য কৰা, নামৰূপ সাৰ কাৰখানা বন্ধৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰা, অসমৰ ৰাজহুৱা সম্পদ বিক্ৰী কৰা চৰকাৰী পৰিকল্পনা বাতিল কৰা, অঙ্গনৱাড়ী

কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰী সকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মটৰ পৰিবহন শ্ৰমিকসহ অসংগঠিত খণ্ডৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, পৰিবহন খণ্ডৰ অত্যধিক কৰ আৰু বৰ্দ্ধিত জৰিমনা বাতিল কৰা, অসমত চাহ শ্ৰমিকৰ মজুৰি আৰু মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত এই আন্দোলন চলাই যাব। উল্লেখ্য যে যোৱা ৯ আগষ্টৰ দিনাৰ দৰে ৰাজ্যখনত হোৱা এই বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ, যুৱ, মহিলা আৰু কৃষি শ্ৰমিকসকলেও অংশ লয়।

Leave A Reply

Your email address will not be published.