নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত নতুন দিল্লীৰ ৰামলীলা ময়দান উত্তাল প্ৰতিবাদ এন এফ ৰেলৱে এমম্পইজ ইউনিয়নৰ
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। আনহাতে এই দাবীৰ সমৰ্থনত পূৰ্বতে কৰা ঘোষণা অনুসৰি আজি সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ আহ্বান মৰ্মে নতুন দিল্লীৰ ৰামলীলা ময়দান অনুষ্ঠিত প্ৰতিবাদী সমাবেশত সমগ্ৰ দেশৰে এক লাখৰো অধিক ৰেলৱে শ্ৰমিক – কৰ্মচাৰীয়ে ভাগ লয়। যত
এন এফ ৰেলৱে এমম্পইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত কুমাৰ বৰুৱাৰ নেতৃত্বত উত্তৰ পূব সীমান্ত ৰেলৱেৰ পাঁচোটা সংমণ্ডলৰ অন্তৰ্গত ৫৫ টা শাখাৰ পৰা প্ৰায় দহ হাজাৰৰো অধিক শ্ৰমিক – কৰ্মচাৰীয়ে এই প্ৰতিবাদী সমাবেশত ভাগ লৈ উত্তাল কৰি তোলে ৰামলীলা ময়দান৷ সমাবেশত ৰেলৱেৰ আন আন ট্ৰেড ইউনিয়নৰ নেতাৰ লগতে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিক চোকা সমালোচনা কৰি কয় – বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক যিসকলে ১ জানুৱাৰী ২০০৪ চনৰ
পিছত চাকৰিত মকৰল হৈছে তেওঁলোকক নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ আধাৰত পেঞ্চন দিয়া হব বুলি কেন্দ্ৰীয় চৰকাৰে। ঘোষণা কৰিছে। ৰেলৱেৰ কৰ্মচাৰী সকলে যি ধৰণে তেওঁলোকৰ কৰ্মত নিয়োজিত হৈ দেশৰ প্ৰতি সেৱা আগবঢ়ায় তাৰ বিনিময়ত তেওঁলোকে পুৰণি পেঞ্চন বাহাল ৰাখিবলৈ দাবী জনায়। বৰ্তমান চলি থকা সংসদৰ বৰ্ষাকালীন অধিবেশনত যদি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ বাবে সংসদত প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে অহা ২০২৪ চনৰ নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ কুণ্ঠাবোধ নকৰিব বুলি মুনীন্দ্ৰ শইকীয়াই ঘোষণা কৰে।