ashomiyapatrika.com

আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰেঃ আপ

0 42

কাৰ্যতঃ এক লাখ টকাৰ বিনিময়ত আশা কৰ্মীৰ সংস্থাপন নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটীঃ চৰকাৰী স্বাস্থ্যসেৱাৰ ‘ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ’ হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত অসম চৰকাৰৰ কেবিনেটে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাই এক বিবৃত্তিযোগে উল্লেখ কৰে যে আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে৷ বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ এটা সিদ্ধান্ত আছিল যে আশা আৰু আশা ছুপাভাইজৰসকলে ৬০ বছৰ বয়সৰ আগতে পদত্যাগ কৰা বা স্বেচ্ছামূলক সেৱাৰ পৰা অব্যাহতি লোৱা পৰিস্থিতিত ন্যূনতম ১০ বছৰৰ বাবে

নিৰন্তৰ স্বেচ্ছামূলকভাৱে সেৱা আগবঢ়ালে ১ লাখ টকাৰ এককালীন কৃতজ্ঞতামূলক অনুদান লাভৰ বাবে যোগ্য বিবেচিত হ’ব৷ এই সিদ্ধান্ত অনুসৰি যোৱা ১৩ বছৰে ২০০০-৩০০০ টকাৰ নূন্যতম পাৰিতোষিকেৰে সেৱা আগবঢ়াই থকা সৰহসংখ্যক আশাকৰ্মীক স্বেচ্ছাই অব্যাহতি ল’বলৈ উচতাইছে চৰকাৰে৷ উল্লেখযোগ্য যে আম আদমি পাৰ্টীয়ে আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু শ্ৰম আইন অনুসৰি নূন্যতম ১০,০০০ টকাৰ দৰমহাৰ দাবী কৰি আহিছে৷ যোৱা ১১ জুলাইত আপে এক সংবাদমেলযোগে উপৰোক্ত দাবীসমূহ উত্থাপন কৰাৰ লগতে আশা কৰ্মীসকলৰ সৈতে হোৱা অন্যায়ৰ

তথ্য উদঙাইছিল৷ পৰিতাপৰ বিষয় এই যে আপ অসমৰ সজোৰ দাবী আৰু অশা কৰ্মীসকলৰ কাতৰ আহ্বানক পদে পদে উপেক্ষা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে৷ আশা কৰ্মীসকলৰ কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ প্ৰৱৰ্তন আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত অতিশীঘ্ৰেই জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা সদৰি কৰে আপ অসমে৷

Leave A Reply

Your email address will not be published.