ashomiyapatrika.com

গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বকোত ড° শিৱালী ৰামমৃত ৰঙ্গনাথনৰ স্মৃতিত পুথিভঁৰাল দিৱস পালন

0 40

বকোৰ পৰা বিষ্ণু ৰাম দাসঃ ‘গ্ৰন্থ পঢ়ক, সমাজ গঢ়ক’ শীৰ্ষক শ্লোগানেৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি বকোত আয়োজন কৰা হৈছে পুথিভঁৰাল দিৱস। উল্লেখ্য যে দেশৰ প্ৰবাদ প্ৰতিম বৌদ্ধিক জ্ঞানৰ ব্যক্তি তথা পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ প্ৰয়াত ড° শিৱালী ৰামমৃত ৰঙ্গনাথনৰ ১৩১ সংখ্যক জন্ম তিথিত পালন কৰা পুথিভঁৰাল দিৱসটি কামৰূপ জিলাৰ বকোত আয়োজন কৰা হয়। পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ প্ৰয়াত ব্যক্তি গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে পালন কৰা পুথিভঁৰাল দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা চাফাই অভিযানৰ পিছত পতাকা উত্তোলন কৰে সভাপতি অনুপম দাসে। পুথিভঁৰাল সন্থাৰ

জিলাৰ সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা কাৰ্য্যসুচীত স্মৃতি তৰ্পণ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে। ইফালে পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ড° শিৱালী ৰামমৃত ৰঙ্গনাথনৰ স্মৃতি সোৱৰণ কৰি বন্তি প্ৰজ্বলন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উপ সভাপতি ধীৰেন চন্দ্ৰ শৰ্মাই আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বকোৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সংগঠক ৰমেশ চন্দ্ৰ ডেকাই। দিনৰ ভাগত সভাপতি অনুপম দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। সম্পাদক বিষ্ণু ৰাম দাসে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ আদৰণি ভাষণ ৰাখে সন্থাৰ জিলা সমিতিৰ উপদেষ্টা তথা বকো সমষ্টিৰ প্ৰাক্তন

বিধায়ক জ্যোতিপ্ৰসাদ দাসে। মুকলি সভা আনুস্থানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। সন্থাৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ সম্পাদকদ্বয় নিপেন তালুকদাৰ আৰু কনক কুমাৰৰ সহযোগত আয়োজন কৰা পুথিভঁৰাল দিৱসৰ মুকলি সভাৰ নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী। অনুস্থানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহক ৰমেন ভড়ালী আৰু ড° গণেশ্বৰ চহৰীয়া, কোচ ৰাজবংশী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সুভাষ বৰ্মন, ৰাভা সাহিত্য সভাৰ কামৰূপ জিলা

সমিতিৰ সভাপতি অমিয় কুমাৰ ৰাভা, বড়ো সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল কুমাৰ বড়ো, জনজাতীয় ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ জিলা সমিতিৰ সভাপতি তৰুণ বড়ো, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া, বকোস্থিত মৌমান সেৱাশ্ৰমৰ পৰিচালক পৰাণজ্যোতি দাস, বকো আঞ্চলিক যুৱক সংঘৰ সহকাৰী সম্পাদক ৰজিত বড়ো, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা, জ্যেষ্ঠ্য সমাজ কৰ্মী হৰেন্দ্ৰ কুমাৰ, লোহিত মেধি আৰু যতীন চন্দ্ৰ দাসৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথি উপস্থিত থাকে। মুকলি সভাত পুথিভঁৰাল আন্দোলনৰ

যাৱতীয় বিধি ব্যৱস্থাৰ ওপৰত আলোচনা কৰে। নিৰ্দিষ্ট বক্তাৰ ভাষণত মৃণালিনী দেৱীয়ে গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰিলেই নহ’ব গ্ৰন্থ অধ্যয়ন আৰু পঢ়ুৱৈ সৃষ্টি কৰিব লাগিব বুলি দোহাৰি গাৱে গাৱে পুথিভঁৰাল স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই। অনুস্থানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিষ্ণু ৰাম দাসে। সন্ধিয়া পৰত বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসুচীৰ সামৰণি পেলাই।

Leave A Reply

Your email address will not be published.