বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ তৎপৰতাত কেন্দ্ৰীয় ভাৱে ৭৬ সংখ্যক স্বাধীনতা দিৱস পালনৰ প্ৰস্তূতি সভা সম্পন্ন
বকোঃ দেশৰ সমাগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সাধাৰণ সভা। বকোৰ চক্ৰ বিষয়া দিৱস বৰদলৈ চৰকাৰী কাৰ্য্যসুচীত ব্যস্ত থকা বাবে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় সভা খন৷ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈৰ তৎপৰতাত বকো হাইস্কুলৰ খেলপথাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা স্বাধীনতা দিৱস উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই আত ধৰা সভাত বকো অঞ্চলৰ চৰকাৰী বে – চৰকাৰী কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীকে
প্ৰমুখ্য কৰি আৰক্ষী থানা, উন্নয়ন খণ্ড, সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়, বকো বজাৰ সমিতি, বিভিন্ন শিক্ষানুষ্ঠান আৰু অঞ্চলটোৰ প্ৰতিটো বিভাগৰে প্ৰতিনিধি তথা ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপৰিও বকো প্ৰেছ ক্লাৱৰ কেৱাজনো সাংবাদিক উপস্থিত থাকে৷ সভাত বিগত ৭৫ সংখ্যক বৰ্ষৰ স্বাধীনতা দিৱসৰ কাৰ্য্যবিৱৰণী পাঠ কৰে মনোৰঞ্জন কলিতাই। ইফালে পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এই বেলিও বকোত চক্ৰ বিষয়াৰ তৎপৰতাত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।