ashomiyapatrika.com

মূল্যবৃদ্ধি ছিণ্ডিকেটৰ কুফলঃ প্ৰদেশ কংগ্ৰেছ

0 48

গুৱাহাটীঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি প্রদেশ কংগ্ৰেছৰ দুই জ্যেষ্ঠ মুখপাত্র ইমদাদ হুছেইন আৰু ড° সঞ্জু বৰুৱাই এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি ইমদাদ হুছেইনে ব্ৰইলাৰ মুৰ্গীৰ অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত কয় ‘আজিৰ তাৰিখত পশ্চিমবংগৰ ফাৰ্মত ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছে প্ৰতি কিলোগ্ৰামত ৯৫ টকাৰ পৰা ১০৫ টকা। পিছে অসম চৰকাৰে পশ্চিমবংগৰ পৰা অসমলৈ ব্ৰইলাৰ মুৰ্গীৰ আমদানী বন্ধ কৰি থৈছে। আপাত দৃষ্টিত থলুৱা ব্যৱসায়ীৰ কথা চিন্তা কৰিয়েই এনে সিদ্ধান্ত লোৱা যেন লাগিলেও প্ৰকৃততে চৰকাৰৰ এনে সিদ্ধান্তৰ আঁৰত ন্যস্ত স্বার্থ জড়িত হৈ আছে। আজিৰ তাৰিখত

অসমৰ ফাৰ্মত ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছে প্ৰতি কিলোগ্ৰামত ১৩৫ টকাৰ পৰা ১৪৫ টকা। পাইকাৰী ব্যৱসায়ীয়ে পৰিবহন খৰছ আৰু লাভৰ অংশ যোগ দি খুচুৰা ব্যৱসায়ীক প্রতি কিলোগ্ৰামত ১৫৫ টকাৰ পৰা ১৬৫ টকা হিচাপত বিক্ৰী কৰে। যুদ্ধৰা ব্যৱসায়ীয়ে আজিৰ তাৰিখত প্ৰতি কিলোগ্রাম ব্ৰইলাৰ মুৰ্গী ১৯০ টকাৰ পৰা ২০০ টকা হিচাপত বিক্ৰী কৰি আছে। অথচ আজিৰ তাৰিখত পশ্চিমবংগৰ পৰা অহা ব্ৰইলাৰ মুৰ্গীৰ পাইকাৰী দৰ হ’লহেঁতেন ১১৫ টকাৰ পৰা ১২৫ টকা আৰু গ্ৰাহকে কিনিলেহেঁতেন ১৫০ টকাৰ পৰা ১৬০ টকাত। আমোদজনক কথা এয়ে যে অসমত কুকুৰা পালনৰ সৈতে জড়িত হৈ থকা প্ৰাইম, সোনা, শগুনা, হাইব্রিড আদি

কোম্পানীয়ে চুবুৰীয়া পশ্চিমবংগতো কুকুৰা পালন কৰে। ব্ৰইলাৰ পালনৰ বিনিময়ত থলুৱা লোকসকলে এই কোম্পানীসমূহৰ পৰা প্ৰতি কিলোগ্ৰামত মাত্র ৮ টকাকৈহে লাভ কৰে। গতিকে থলুৱা ব্যক্তি উপকৃত হোৱাৰ কোনো অংকই নাই। এনে স্থলত একে কেইটা কোম্পানীয়ে পাইকাৰী ব্যৱসায়ীক পশ্চিমবংগতকৈ অসমত প্রতি কিলোগ্ৰামত প্রায় ৪০ টকাকৈ অধিক দামত বিক্ৰী কৰাৰ ৰহস্য কি? এই অতিৰিক্ত ৪০ টকা কাৰ পকেটলৈ যায়? মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিব লাগে। অন্যথা এয়া ছিণ্ডিকেটৰ কুফল বুলি ভাবিবলৈ ৰাইজ বাধ্য হ’ব।সেইদৰেই ড° সঞ্জু বৰুৱাই শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধি সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় ‘খাৰুপেটীয়া আৰু

গুৱাহাটীত শাক-পাছলিৰ দামৰ পাৰ্থক্য ১০০ৰ পৰা ১৫০ শতাংশ পর্যন্ত হয় এয়া অস্বাভিক। খাৰুপেটীয়াৰ পৰা পাইকাৰী ব্যৱসায়ীসকলে যি দামত শাক-পাছলি কিনে তাৰ লগত ২০ শতাংশ লাভ ২০ শতাংশ পৰিবহন খৰছ আৰু ২০ শতাংশ নষ্ট হোৱাৰ বাবদ ধৰিলেও ৬০ শতাংশতকৈ বেছি বৃদ্ধি হ’ব নোৱাৰে। এনে ক্ষেত্ৰত ১০০ৰ পৰা ১৫০ শতাংশ পর্যন্ত বৃদ্ধি হোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। প্ৰশ্ন হয়, অতিৰিক্তভাৱে অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা টকাখিনি কাৰ পকেটলৈ যায়? ছিণ্ডিকেটলৈ নহয়তো?’ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে খাৰুপেটীয়া আৰু গুৱাহাটীত শাক-পাছলিৰ দামৰ পাৰ্থক্য দেখুৱাই তালিকা এখনো দাঙি ধৰে৷ সংবাদমেল খনৰ আঁত ধৰে মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই আৰু ইয়াত অংশ লয় জ্যেষ্ঠ মুখপাত্র প্ৰফুল্ল কুমাৰ দাস, ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা, মুখপাত্র মুনমী দত্ত আৰু আব্দুল আজিজ আদিয়ে।

Leave A Reply

Your email address will not be published.