ashomiyapatrika.com

কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিজ্ঞানী ড° হিমাংশু বৰ্মনে উদ্ভাৱন কৰা এৰি মুগা পাত পলুৰ খোলা তৈয়াৰী প্ৰয়ুক্তি বিদ্যা উত্তৰ পূব হেণ্ডিক্ৰাফ আৰু হেণ্ডলুম উন্নয়ণ কৰ্পৰেচনত উপলব্ধঃ ড° বৰ্মন

0 43

বকোঃ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ বিজ্ঞানী তথা কামৰূপ জিলাৰ বকোস্থিত ক্ষেত্ৰীয় ৰেচম গৱেষণা কেন্দ্ৰত কৰ্মৰত বিষয়া ড° হিমাংশু বৰ্মনে উদ্ভাৱন কৰা এৰি মুগা পাত পলুৰ খোলা তৈয়াৰী প্ৰয়ুক্তি বিদ্যা এতিয়া উত্তৰ পূব হেণ্ডিক্ৰাফ আৰু হেণ্ডলুম উন্নয়ণ কৰ্পৰেচনত উপলব্ধ হ’ব। এই কথা আজি সাদৰি কৰে বিজ্ঞানী ড° হিমাংশু বৰ্মনে। ড° বৰ্মনে জনোৱা মতে এৰি মুগা পাত পলুৰ খোলা তৈয়াৰ কৰা তথ্য সহজেই খোলা বনোৱা কৌশল প্ৰয়ুক্তি বিদ্যাৰ কাৰিকৰী যন্ত্ৰ উদ্ভাৱন কৰা হৈছে। বিজ্ঞানী গৰাকীয়ে দীৰ্ঘদিন ধৰি গৱেষণা কৰি উদ্ভাৱন কৰিছে এই কৌশল। ইফালে উক্ত উদ্ভাষিত কাৰিকৰী প্ৰয়ুক্তিটো

ভাৰত চৰকাৰৰ পেটেণ্ট বিভাগত পঞ্জীয়ন কৰা আছে। উল্লেখ্য যে উত্তৰ পূব হেণ্ডিক্ৰাফ আৰু হেণ্ডলুম উন্নয়ণ কৰ্পৰেচনৰ লগত চুক্তিবদ্ধ হোৱা উক্ত কাৰিকৰী কৌশলৰ জৰিয়তে উত্তৰ পূৱৰ ৰেচম পলু পালক সকলোক প্ৰশিক্ষণ দিয়াৰ লগতে কৃষক সমাজে উপকৃত হ’ব। ইফালে উক্ত পেটেণ্ট পঞ্জীয়নৰ দ্বাৰা উল্লেখিত প্ৰতিস্থানক লিজত বিক্ৰী কৰিলেও উদ্ভাৱন কৰা খোলা বনোৱা প্ৰয়ুক্তিটো পেটেণ্ট আইনৰ অধীনতে বিজ্ঞানী গৰাকীৰ নামতে সুৰক্ষিত থাকিব।

Leave A Reply

Your email address will not be published.