গোপীনাথ বৰদলৈ মৃত্যু বার্ষিকী পালন কংগ্ৰেছৰ
গুৱাহাটীঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম অগ্রনীনেতা গোপীনাথ বৰদলৈৰ আজি মৃত্যু বার্ষিকী উপলক্ষে প্রদেশ কংগ্ৰেছ কাৰ্য্যালয় ৰাজীৱ ভৱনত এখন সভাৰ আয়োজন কৰা হয়। সভাৰ আৰম্ভনিতে প্রয়াত গোপীনাথ বৰদলৈৰ প্রতিছবিত পুষ্পার্ঘ অর্পণ কৰা হয়। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি দ্বীজেন শর্মাই প্রয়াত স্বাধীনতা সংগ্ৰামী গৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামত অসমত কিদৰে আগুৱাই নিছিল সেই সম্পৰ্কত বর্ণণা কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলিন কুলিয়ে প্রয়াত নেতা গৰাকীৰ বিষয়ে কয় যে, গোপীনাথ বৰদলৈ অবিহনে স্বাধীনতা সংগ্ৰামীৰ ইতিহাস সম্পূর্ণ নহয়। উক্ত সভাত
উপস্থিত থাকে প্রাক্তন সাংসদ তথা উপ-সভাপতি দ্বীজেন শর্মা, প্রাক্তন সাংসদ বলিন কুলি, উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, প্ৰাক্তন মন্ত্ৰী নুৰ জামাল সৰকাৰ, মিডিয়া বিভাগৰ সম অধ্যক্ষ মেহদি আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ, আনোৱাৰ আহমেদ, সম্পাদকদ্বয় পার্থ প্রতীম বৰা, ৰোশন ৰাজ চেত্রী, ৰাজা দাসকে আদি কৰি বহু সংখ্যক নেতা কর্মীয়ে অংশ গ্রহণ কৰে৷