চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে পাৰ হ’বলৈ দিয়া নহ’ব নির্বাচনী বৈতৰণীঃ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ
গুৱাহাটীঃ চুতীয়া সকলোকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ লোকে দীর্ঘ দিন ধৰি জনজাতিকৰণ দাবীত আন্দোলন কৰি অহা পাছতো কেন্দ্ৰীয় মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰি সংসদৰ অধিৱেশনত জনজাতিকৰণ বিধেয়ক উত্থাপন নকৰাটো চৰম দূর্ভাগ্যজনকে নহয় ৰাজ্যৰ ছয় জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণাৰ নিদৰ্শন। এই অভিযোগ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ৷ সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয় ২০১৪ চনত নিৰ্বাচনী ইস্তাহাৰত শাসনৰ বাঘজৰী ললে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা সপোন দেখুৱাই গাড়ী দখল কৰা পাছত ৯ বছৰে জনজাতি কৰণ বিষয়তো
কেৱল ৰাজনীতি কৰি অহা পৰিলক্ষিত হৈছে। কেন্দ্ৰৰ মোডী চৰকাৰৰ সমান্তৰালকৈ ৰাজা হিমন্ত বিশ্ব শর্মা চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰক যেনে ধৰণে হেঁচা প্ৰয়োগ কৰিব লাগিছিল বা বিষয়তো আগুৱাই নিব লাগিছিল তাৰ পৰিৱৰ্তে জনজাতিকৰণৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাব সেই কথা প্রমাণ কৰিলে। বিশেষকৈ ৫ খন ৰাজ্য ১২ টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা সমান্তৰালকৈ বৰ্তমান জম্মু-কাশ্মীৰ, চত্তিশগড় আৰু হিমাচল প্ৰদেশৰ ছটা জনগোষ্ঠী বিধেয়ক গৃহীত হ’ল, কিন্তু অসম চৰকাৰৰ কেবিনেটত কোনো সিদ্ধান্ত নকৰিল আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰক কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত নহ’ল। গতিকে আমি
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সঁকীয়াই দিব খোজো যে, শীঘ্ৰেই চুতীয়া সকলকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে ২৪ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ দিয়া নহ’ব। ইতিমধ্যেই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা বিজেপি চৰকাৰক শাসনৰ পৰা ওফৰাবলৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে। অতি দক্ষ আৰু চতুৰ বুলি সততে নিজকে দম্ভালি মৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ দিনতে যে উক্ত বিষয়টো কোনো ধৰণৰ আগনাবাঢ়ি ৰাজনীতি মেৰপেচত সোমাই পৰাটো কেতিয়াও সহ্য কৰা নহ’ব।