ashomiyapatrika.com

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানীত জাৱৰ জোথৰ

0 39

বকো উপ সংমণ্ডলৰ বিষয়াৰ কাণষাৰ নাই

বকোঃ ৰাজ্যৰ জনগণক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰূপায়ণ কৰিছে জল জীৱন মিচন নামৰ কৌটি কৌটি টকীয়া অভিলাষী আঁচনি। এই আঁচনি খনৰ পৰা ৰাইজে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব পাৰিব বুলি আশা কৰা হৈছিল। কিন্তু আঁচনি খন ৰূপায়ণ কৰিবলৈ অথবা নিৰ্মাণ কৰিবলৈ আৱন্টন পোৱা ঠিকাদাৰ তথা চৰকাৰী বিষয়া অভিযন্তা আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰা বিষয়াৰ ময়মতালিৰ বাবে আঁচনিৰ দ্বাৰা লাভবান নহয় জনতা। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ অধিনত নিৰ্মাণ হোৱা পানী যোগান আঁচনি এখন হৈছে অসম – মেঘালয় সীমান্তৰ লাম্পীৰ হৰ্ষনগৰৰ পানী যোগান আঁচনি খন। আঁচনি খন

স্ব – চক্ষুৰে নেদেখিলে ইয়াৰ পয়ালগা ছবি খন বৰ্ণনা কৰিব পৰা নাযাৱ। আঁচনি খন ইমানেই বিশৃংখল পৰিবেশত নিৰ্মাণ কৰা হৈছে যে ইয়াৰ পানী খালে মানুহৰ ৰোগ দুগুণ বাঢ়িব। আচনি খনৰ পানী সংৰক্ষণৰ কৰা টেংকীত গছৰ পাত পৰি পছি গেলি গৈছে। জাৱৰ জোথৰ পৰি পানী ঘোলা হৈ পৰিছে। মুঠৰ ওপৰত চিৰসেউজ লাম্পীৰ হৰ্ষনগৰৰ পানী যোগান আঁচনি খন এক ভেকোভাওনা। আচনি খনৰ যোগেদি চৰকাৰে লাম্পীৰ হৰ্ষনগৰৰ ৰাইজক আভূৱা ভাৰিছে। ইফালে হৰ্ষনগৰৰ বাসিন্দা তথা সামাজিক ব্যক্তি ৰাম বাহাদুৰ তামাংৰ নেতৃত্বত গাওঁ খনৰ একাংশ লোকে আজি সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি কয় যে চৰকাৰে আঁচনি খনৰ সু

নিৰ্মাণ নকৰিলে ইয়াৰ পৰা কোনো লাভ নহৱ। আনহাতে বকো উপ সংমণ্ডলৰ অধিনৰ বহু আঁচনিয়েই বিকল আৰু বহু আঁচনি ব্যৱহাৰেই কৰিব পৰা নাই। উল্লেখ্য যে চৰকাৰৰ জল জীৱন মিচন আঁচনি ৰূপায়ণ সম্পৰ্কে এই প্ৰতিবেদকে কেৱাখনো পঞ্চায়ত এলেকা পৰিভ্ৰমণ কৰাত দেখা গ’ল বিভাগটোৱে ৰূপায়ণ কৰা বহু আঁচনি বিকল। ইফালে বহু আঁচনি ব্যৱহাৰেই হোৱা নাই। ইফালে চৰকাৰৰ বিভাগটোৰ বিষয়া – কৰ্মী আৰু অভিযন্তাৰ অমনযোগীতাৰ বাবে হওঁক অথবা নিলুপ্ত ভুমিকাৰ বাবে হওঁক অসাধু ঠিকাদাৰে কোনো বিধি ব্যৱস্থা নোহোৱাকৈ নিৰ্মাণ কৰিছে বহু আঁচনি। এয়া মাথোন উদাহৰণহে। বাস্তৱ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জল জীৱন আঁচনি খন বিভাগটোৰ দায়িত্ববাহী বিষয়া কৰ্মীৰ সোণৰ কণী পাৰা হাহ লেখিয়া আঁচনিহে হৈছে।

Leave A Reply

Your email address will not be published.