ashomiyapatrika.com

বকো উন্নয়ণ খণ্ডৰ গাওঁ পঞ্চায়তত আঁচনি ৰুপায়ণত ভেকোভাওনা

0 62

সৌৰ চালিত লাইট, গ্ৰাম্য পথ নিৰ্মাণত, আৱাস গৃহ, পানীৰ ডং আদিত অনিয়মেই নিয়মত পৰিণতঃ নিৰ্বিকাৰ কৰ্তৃপক্ষ

বকোৰ পৰা বিষ্ণু ৰাম দাসঃ কেন্দ্ৰ আৰু ৰাজ্যত চলিছে স্বচ্ছ আৰু নিকা ভাৱমুৰ্তিৰ বি জে পি নেতৃত্বাধীন চৰকাৰ। স্বচ্ছ আৰু নিকা তথা দূৰ্ণীতি মুক্ত প্ৰশাসনৰ শ্লোগান সততে আওৰাই থাকে চৰকাৰৰ মন্ত্ৰী, বিধায়ক, নেতা আৰু পালিনেতাই। কিন্তু প্ৰকৃতাৰ্থত ওলোটা ছবিহে দেখা যায়। বিশেষকৈ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোউন্নয়ন বিভাগত সংঘটিত হয় নাভূত নাশ্ৰুত ঘটনা। উল্লেখ্য যে কামৰূপ জিলাৰ বকো উন্নয়ণ খণ্ডৰ এলেকাৰ পঞ্চায়ত কাৰ্য্যালয় বোৰৰ জৰিয়তে গাওঁৰ উন্নয়ণ তথা উজলা আঁচনিৰ দ্বাৰা ৰূপায়ণ কৰা সৌৰ চালিত লাইট বোৰ বছৰ দিন পাৰ নহ’লেই অধিকাংশ লাইট বিকল। ইফালে পঞ্চায়তৰ জৰিয়তে প্ৰদান কৰা সৌৰ চালিত

লাইটৰ বিলতো অতি বিসংগতি হোৱাৰ তথ্য পোৱা যায়। আনহাতে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ জৰিয়তে প্ৰদান কৰা বহু কেইটা গ্ৰাম্য পথ নিৰ্মাণত জোখ মাখকে ধৰি কামত নিম্নমানৰ সামগ্ৰী যোগান ধৰা অভিযোগ উত্থাপন হৈছে। প্ৰকাশ্য যে আৱাস গৃহ প্ৰদান অথবা আৱন্টনত আমোদ জনক দূৰ্ণীতিৰ ঘটনা সংঘটিত হৈছে। বিশেষকৈ উন্নয়ণ খণ্ডটোৰ ৯ নং দক্ষিণ পুৱ বকো, ১০ নং দক্ষিণ বকো, ৭৪ নং পূৱ লুকী গাওঁ পঞ্চায়তকে ধৰি একাধিক পঞ্চায়তত সংঘটিত হৈছে চৰকাৰী গৃহ আৱন্টনত বিসংগতি। এই অভিযোগ পঞ্চায়ত খনৰ বহু সংখ্যক হিতাধীকাৰীৰ। চৰকাৰী গৃহ আৱন্টন পোৱা ৭৪ নং পুৱ লুকী গাওঁ পঞ্চায়তৰ হিতাধীকাৰী ক্ৰমে খৰাপাৰা

কলিতাপাৰাৰ দীপক কলিতা, দক্ষিণ পুখুৰীপাৰাৰ উলুপাৰা চুবাৰ সঞ্জীৱ ৰাভা, ধোপগুৰীৰ ৰবিন ৰাভাই চৰকাৰী ভাৱে গৃহ আৱন্টন পোৱাৰ পিছত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে নথি পত্ৰ জমা কৰা সত্বেও পঞ্চায়ত কৰ্মী তথা জি পি চি আৰু বিষয়াৰ ভুলৰ বাবে তেওঁলোকে গৃহৰ নামত দিয়া ধন লাভ কৰা নাই। এয়া মাত্ৰ উদাহৰণ হে। এনে বহু বহু বিসংগতিৰে চলিছে পঞ্চায়ত খন। ইফালে বকো উন্নয়ণ খণ্ডৰ অধিকাংশ পঞ্চায়তত চৰকাৰী আৱাস গৃহৰ আৱন্টনত বিসংগতি হোৱা অভিযোগ উত্থাপন হোৱা তথ্য মজুত আছে। ইফালে হিতাধিকাৰীক আৱাস গৃহ প্ৰদানৰ বাবে পঞ্চায়ত সমুহে চৰকাৰী গাইড লাইন মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰে বহু কেইজন

সচেতন ব্যক্তিয়ে। প্ৰধান মন্ত্ৰী আৱাস যোজনা প্ৰদানৰ চৰকাৰী গাইড লাইন অনুসৰণ নকৰি ৰহস্য জনক ভাৱে হিতাধিকাৰীক প্ৰদান কৰিছে আৱাস গৃহ। ইফালে একাংশ ৱাৰ্ড সদস্যই চৰকাৰী আৱাস গৃহ প্ৰদান কৰিম বুলি ধনো সংগ্ৰহ কৰা তথ্য মজুত আছে। একাধিক পঞ্চায়তত জৱ কাৰ্ড, পথ নিৰ্মাণত নীতি বহিৰ্ভূত তথা নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা অভিযোগ উত্থাপন হৈছে, পানীৰ ডং, আই বি এছ তথা অন্যান্য আঁচনি ৰূপায়ণত বিসংগতি হোৱাৰ অভিযোগ আছে। এই ক্ষেত্ৰত অভিযোগ অথবা বা – বাতৰি প্ৰকাশ হোৱাৰ পিছতো নিৰ্বিকাৰ কৰ্তৃপক্ষ।

Leave A Reply

Your email address will not be published.