ashomiyapatrika.com

ওদালগুৰি জিলা আইনী সেৱা প্ৰাধিকাৰণৰ তত্বাৱধানত মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান

0 40

টংলাঃ ওদালগুৰি জিলা আইনী সেৱা প্ৰাধিকাৰণৰ সচিব নয়ন জ্যোতি চৌধুৰীৰ তত্বাৱধানত যোৱা ৩০ জুলাইত এজনী মহিলা মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে টংলাৰ পৰা হৰিশিঙালৈ আহি থকাৰ পথত মান্টিগিৰীৰ ওচৰত ঘূৰি ফুৰা মানসিক ৰোগাক্ৰান্ত মহিলা গৰাকীক নিশা প্ৰায় ৮ বজাত দেউলগুৰী দলংৰ সমীপত উদ্ধাৰ কৰা হয়। উদ্ধাৰ কাৰ্যত ওদালগুৰি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৰ লগতে হৰিশিঙা আৰক্ষীৰ সহযোগত মহিলা গৰাকীক ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। মহিলা গৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহযোগ কৰে জিলা

আইনী সেৱা প্ৰাধিকাৰণৰ মুখ্য আইনী প্ৰতিৰক্ষা সাহায্য অধিবক্তা ৰামেশ্বৰ দাসে,এম আৰ এছ ডি এন জি অৰ অধ্যক্ষ মিলন দাসৰ লগতে পি এল ভি, চিকিৎসক আৰু নাৰ্চ সকলে পূৰ্ণ সহযোগ‌ কৰি মহিলা গৰাকীৰ প্ৰাথমিক চিকিৎসা কৰাৰ লগতে তাতেই সাময়িক ভাৱে ৰখাৰ ব্যৱস্থা কৰি দিয়ে। ইতিমধ্যে পৰিয়ালটোক চিকিৎসালয়ত খাদ্য আৰু কিছু আৰ্থিক সাহায্য দি হৰিশিঙা আৰক্ষীৰ বিষয়া সকলে সহায় কৰে। মহিলা গৰাকীক ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ কাৰনে তেজপুৰ মানসিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়। উল্লেখযোগ্য যে

ওদালগুৰি জিলা আইনী সেৱা প্ৰাধিকাৰণৰ সচিব নয়ন জ্যোতি চৌধুৰীয়ে ওদালগুৰি জিলাবাসি ৰাইজক ৰাস্তাত ঘূৰি ফুৰা যি কোনো মানসিক ৰোগী দেখা পালে ওচৰৰ আৰক্ষী থানা বা জিলা আইনী সেৱা প্ৰাধিকাৰণৰ ৬৯০১২৮১৬৪৮ নম্বৰত ফোন কৰিবলৈ অনুৰোধ জনায়৷

Leave A Reply

Your email address will not be published.