ashomiyapatrika.com

খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ পৰিনাম ভূগিব হিমন্ত চৰকাৰে- হুংকাৰ উচ্ছেদিতৰ

0 55

শিলসাঁকোৰ পাৰৰ থলুৱা উচ্ছেদিতৰ প্ৰতিবাদ পৰ্যবেক্ষিত হ’ল দেশৰ ৰাজধানী দিল্লীলৈঃ নিৰ্বাচনৰ আহিলেই ডিঙিত গামোচা লৈ আধা ফুটা মাতেৰে জয় আই অসম বুলি কলেই খিলঞ্জীয়াৰ ভোট নাপাব বুলিয়েও প্ৰধানমন্ত্ৰীক কটাক্ষ

দিল্লীঃ শিলসাঁকোৰ পাৰৰ উচ্চেদ বিৰোধী থলুৱাৰ ঐক্যবদ্ধ সংগ্ৰামখন আজি দেশৰ ৰাজধানী দিল্লী পালেগৈ৷ প্ৰায় ছয় মাহ ধৰি বিভিন্ন ৰূপত অসমত ধাৰাৱাহিক ভাৱে উচ্ছেদিত ৰাইজ, উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ গণতান্ত্রিক আন্দোলনৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে প্ৰতিবাদকাৰী সকলে আজি যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়৷ ১০০% খিলঞ্জীয়া মানুহে বসবাস কৰা শিলসাঁকো অঞ্চলত অসম চৰকাৰে অতি বেআইনী, বৈষম্যমূলক ভাৱে থলুৱা ৰাইজৰ ওপৰত চলোৱা অমানৱীয় উচ্চেদৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰতিবাদী জনতাই ২৫ খনতকৈও অধিক স্মাৰক পত্ৰ মুখ্যমন্ত্রীলৈ

প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰেৰণ কৰাৰ পাছতো জাতি মাটি ভেঁটিৰ কথা কোৱা চৰকাৰখনৰ গা নলৰাৰ বিপৰীতে দেখদেখকৈ বণিয়াৰ অট্টালিকা, বিতৰ্কিত ব্যৱসায়ী হিমৎ সিংকাৰ আইডিয়েল হিলভিউ, টাটা গ্ৰুপৰ জিঞ্জাৰ, বদৰুদ্দিন আজমলৰ বৃহৎ সম্পত্তি, কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ঘৰ আদিকে ধৰি বহুজনক ৰক্ষণাবেক্ষণহে দিয়া দেখা গল৷ এনে অন্যায় আৰু পুঁজিপতিক ৰক্ষণাবেক্ষণ দি থলুৱাৰ মূৰৰ ওপৰৰ চালি কাঢ়ি নিয়া বৈষম্যমূলক নীতিৰ লগতে ২০০৮ চনত অসম বিধানসভাত আইন প্ৰণয়ন কৰি শিলসাঁকোক জলাশয় হিচাপে আইন প্ৰণয়ণ কৰাৰ পূৰ্বৰে পৰা দশক জুৰি বসবাস কৰি অহা, গৰাখহনীয়াত ঘৰ হেৰুৱাওৱা, কৰ্মৰ

সন্ধানত গুৱাহাটীলৈ আহি অকণমান মাটিত ঘৰ সজা ভূমিপুত্ৰ ৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধীস্থ চৰকাৰে ৬ মাহ ধৰি প্ৰতিবাদী ৰাইজৰ কথা শুনিবলৈ নোখোজাত স্বাভাৱিকতেই সোচ্চাৰ হৈ পৰা শিলসাঁকোৰ পাৰৰ প্ৰতিবাদী ৰাইজে দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হোৱা বুলি স্পষ্ট মতপোষণ কৰে৷ প্ৰতিবাদত অংশ লৈ আজি ছয়মাহে আন্দোলনৰ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ আহি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত স্বাভাৱজাত ফুটনিৰে প্ৰায়ে কয় যে অসমত এতিয়া কোনো ধৰণৰ প্ৰতিবাদ নাই৷ অসমৰ ৰাইজৰ তেওঁক

সকলো কামতে সমৰ্থন কৰে৷ উচ্ছেদৰ বিষয়ত তেখেতৰ বক্তব্য হল কেৱল সন্দেহযুক্ত বিদেশী নাগৰিক থকা ঠাইতহে উচ্ছেদ চলোৱা হৈছে’৷ আমাৰ প্ৰত্যাহ্বান তেখেতলৈ, ‘যদি শিলসাঁকোৰ উচ্ছেদিত সকলৰ মাজত এজনো সন্দেহযুক্ত বিদেশী আছে, তেন্তে প্ৰমাণ কৰক৷ নিৰ্বাচনৰ সময়ত ডিঙিত গোমাচা পিন্ধি আধা ফুটা মাতেৰে অসমীয়া কৈ ৰাইজক আবেগিক কৰি ভোট আদায় কৰা নৰেন্দ্ৰ মোডী, অমিত শ্বাহক খিলঞ্জীয়াৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খিলঞ্জীয়া ৰাইজৰ ওপৰত চলোৱা অত্যাচাৰৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ আমি দিল্লীলৈ আহিছো বুলি মত পোষণ কৰে৷ প্ৰতিবাদ সাব্যস্ত কৰা শিলসাঁকোৰ ২০ জনীয়া দলটোক নেতৃত্ব দিয়া

অন্য এগৰাকী নেতৃত্ব পলাশী দাসে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বৰ্তমান কৰোণা তকৈও ভয়াবহ ভাইৰাচ। কেৱল হিন্দু মুছলমান কৰি ৰাইজক ব্যস্ত ৰাখি খিলঞ্জীয়াৰ ভূমিকে আদি কৰি সকলো অধিকাৰ গ্ৰাস কৰি আনিছে৷ তেখেতসকলৰ আচল স্বৰূপ ভাৰতবাসীৰ আগত ডাঙি ধৰিবলৈ আমি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছো৷ ১১ বজাৰ পৰা ১ বজালে হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ মূৰ্দাবাদ, খিলঞ্জীয়াৰ হাতৰ পৰা মাটি কাঢ়ি নিয়া নচলিব, পুঁজিপতিৰ দালাল চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, অমিত শ্বাহ মুৰ্দাবাদ, জাতি মাটি ভেঁটিৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰ নিপাত যাওক শ্লোগানেৰে ২ ঘণ্টা জোৰা উত্তাল প্ৰতিবাদৰ অন্তত

দেশৰ প্ৰধানমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ উচ্ছেদিত শিলসাঁকোবাসীৰ হৈ প্ৰিয় সিনহা, অনিল কলিতা, লক্ষেশ্বৰ পেগু, দীপ্তি শইকীয়া, আহাউদ্দিন আহমেদ, কল্যাণী কলিতা, বিদিশা বৰ্মন, কমল কিশোৰ ইত্যাদিয়ে বক্তব্য ৰাখে৷

Leave A Reply

Your email address will not be published.