আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণত জড়িত বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত চৰকাৰৰ চৰম গাফিলতি
গুৱাহাটীঃ কা বিৰোধী সমন্বয় সমিতি, অসমে গভীৰ উদ্বেগ আৰু অশান্তিৰে লক্ষ্য কৰিছে যে বজৰং দলে মঙলদৈত যি ভয়ংকৰ সমাজবিৰোধী আৰু সন্ত্ৰাসজনক কাম কৰিছে, সেই সন্দৰ্ভত ৰাজ্যৰ ডিজিপিয়ে নিৰ্দেশ দিছে কেৱল সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ আৰু হিচাবৰক্ষক জনক সোধপোচ কৰিবলৈহে। আচৰিত কথা যে প্ৰধান অপৰাধী মাৰাত্মক অস্ত্ৰ প্ৰশিক্ষণ শিবিৰৰ সংগঠক আৰু সাম্প্ৰদায়িক হিংসাৰে ভৰা ভাষণ দিয়া বজৰং দলৰ নেতা সকলক গ্ৰেপ্তাৰ কৰি তদন্ত চলোৱাৰ নিৰ্দেশ দিয়া নাই। ই এক আচৰিত গাফিলতি। অপৰাধী এনেদৰে সাৰি গ’লে হিংসাত্মক গণ্ডগোল লগাৰ আশংকা বৃদ্ধি পাব। এই অভিযোগ কা-বিৰোধী সমন্বয় সমিতি, অসমৰ সভাপতি
ড° হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীৰ৷ আনকি এইটো কি হঠকাৰী ৰাজনৈতিক নেতৃত্বৰ হস্তক্ষেপৰ ফল? যদি হয়, তেনেহলে অসম অতি বিপজ্জনক পথেদি গৈ আছে। আমি ডিজিপি মহাশয়ক সবিনয়ে তেখেতৰ কৰ্তব্য সোঁৱৰাই দি প্ৰকৃত অপৰাধী কেইটাৰ বিৰুদ্ধে অবিলম্বে আইনী ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যখনৰ শান্তি আৰু আইন-শৃংখলা সুৰক্ষিত ৰাখিবলৈ জৰুৰী অনুৰোধ কৰিছোঁ। নতুবা গোঁজেই গছ হৈ অসমতো মণিপুৰ সদৃশ পৰিস্থিতিৰ উদ্ভব হব।