বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী শুভাৰম্ভঃ ৬০ খন পতাকা উত্তোলন, ক’লা আৰু সতীৰ্থ ভৱনৰ আধাৰশিলা স্থাপন
বকোঃ মানৱ সম্পদ হিচাপে গঢ় দিয়া কমাৰশালা কামৰূপ জিলাৰ ঐতিহ্য মণ্ডিত বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ এই বৰ্ষত হীৰক জয়ন্তী বৰ্ষ। ইয়াৰ লগতে আজি মহাবিদ্যালয় খনৰ ৬০ সংখ্যক বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। সেয়ে মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি আৰু প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী পালন কৰা হয়। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা হীৰক জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি লক্ষ্মীকান্ত শৰ্মা আৰু অধ্যক্ষ তথা সম্পাদক ড° তপন দত্তই জনোৱা মতে এক দীৰ্ঘম্যাদী পৰিকল্পনা আৰু চিন্তাধাৰাৰ কাৰ্য্যসূচী যুগুত কৰি আৰম্ভ কৰা হৈছে প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণিৰ অনুস্থান। মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আৰু
হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুস্থানৰ কাৰ্য্যসূচী অনুসৰি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ লগত জড়িত বিভিন্ন ব্যক্তি বিশেষৰ জৰিয়তে ৬০ খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ কৰে বিশিষ্ট সমাজ সেৱক যতীন পাঠক বাপে। ইয়াৰ পিছতে গছ পুলি ৰোপন কৰে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে। কাৰ্য্যসূচী অনুসৰি মহাবিদ্যালয়ৰ ক’লা শাখাৰ ভৱন আৰু প্ৰাক্তন সতীৰ্থ ভৱনৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰে লক্ষ্মীকান্ত শৰ্মা আৰু সতীৰ্থ সন্মিলনৰ সভাপতি ৰমেন সিং ৰাভাই। অনুস্থানত বাৰেচহৰীয়া সাংস্কৃতিক শোভাযাত্ৰা আনুস্থানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট উদ্যোগপতি তথা সমাজ কৰ্মী শান্তি কুমাৰ জৈনে।
মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে মুকলি সভা। অধ্যক্ষ ড° তপন দত্তই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত পৌৰহিত্য কৰে সভাপতি লক্ষ্মীকান্ত শৰ্মাই। মুকলি সভাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও কৰ্মচাৰী সকলৰ দ্বাৰা পৰিচালিত আদৰণি সংগীত পৰিবেশন। মুকলি সভাত বিশিষ্ট অতিথি শিক্ষাবিদ, আবৃত্তিকাৰ, গৱেষক, লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° অমৰজ্যোতি চৌধুৰীয়ে শুভাৰম্ভণি আদৰণি ভাষণ প্ৰদান কৰে। ইফালে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ ষ্মাৰক বক্তৃতা – নতুন প্ৰজন্মৰ ভৱিষ্যত সংশয় আৰু সম্ভাৱনা শীৰ্ষক প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ
সমালোচক তথা বক্তা ময়ুৰ বৰাই। অনুস্থানত গীত মাত নৃত্যৰ সমাহাৰ ঘটে। ইয়াৰ পিছতে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। সন্ধিয়া পৰত বিশিষ্ট সমাজ সংগঠন কৰ্ণভূষণ ৰাভাৰ জৰিয়তে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুস্থান সম্পন্ন কৰে। এনেকৈ বহু কাৰ্য্যসূচী ৰূপায়ণ কৰি পালন কৰে মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণিৰ কাৰ্য্যসূচী।