ashomiyapatrika.com

অসমৰ জাতীয় সত্বাৰ মূল চালিকা শক্তি সম্প্ৰীতিৰ এনাজৰী কোনো কাৰণতে বিনষ্ট কৰিবলৈ দিয়া নহ’বঃ অসম জাতীয় পৰিষদ

0 37

গুৱাহাটীঃ অসম জাতীয় পৰিষদৰ আজিৰ জৰুৰী সভাই যোৱা ৩০জুলাইত মঙলদৈত সামৰণি পৰা এক সাম্প্ৰদায়িক সংগঠনৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ জৰিয়তে মুকলিকৈ গুলী চলোৱা কাৰ্যৰ সতে জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰি কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আইনৰ শাসনক বৃদ্ধাঙুষ্ঠ প্ৰদৰ্শন কৰি মুকলিকৈ মাৰণাস্ত্ৰ চালনা প্ৰশিক্ষণৰ এই ঘটনাই ইতিমধ্যে ৰাজ্য খনকে ধৰি সমগ্র দেশজুৰি তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমান্তৰালভাবে অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে হিন্দুধৰ্মৰ লোক সকলে আত্মৰক্ষাৰ বাবে এনে কৰাৰ প্ৰয়োজনীয়তাৰ সপক্ষে

যুক্তি প্ৰদৰ্শন কৰা কাৰ্যই অসমৰ সৰ্বস্তৰৰ জনসাধাৰণক শংকিত কৰি তুলিছে। চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ৰাজহুৱাকৈ আইনৰ শাসনক এনেদৰে প্ৰত্যাহ্বান জনোৱা কাৰ্যই এক অতি ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে।একে সময়তে এনেবোৰ আইন বিৰুদ্ধ কাম আৰু ৰাজহুৱা বক্তব্যৰ পিছতো অসম আৰক্ষীৰ পক্ষপাতদুষ্ট আৰু নিৰ্বিকাৰ আচৰণে অসম আৰক্ষী যে আইনৰ শাসন প্ৰতিষ্ঠাৰ সলনি শাসক দলৰ এজেন্ট ৰূপেহে কাম কৰাত আগ্ৰহী সেইটো প্ৰতিপন্ন কৰিছে আৰু ফলশ্রুতিত শান্তিপ্ৰিয় জনতাৰ উদ্বিগ্নতা বৃদ্ধি হৈছে। একেসময়তে বিগত প্ৰায় তিনিটা মাহতকৈও অধিক সময় জুৰি চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষই চুবুৰীয়া ৰাজ্য মণিপুৰৰ

পৰিস্থিতি কেনে ভয়াবহ কৰি ৰাখিছে সমগ্র দেশবাসীয়ে অতি উদ্বিগ্নতাৰে সেইয়া লক্ষ্য কৰিছে। মণিপুৰবাসীৰ দুখ-দুৰ্দশাই সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী সচেতন লোকৰে চকু কপালত তুলিছে। তথাপিও ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰ নিৰুদ্বেগ হৈ বহি আছে। মণিপুৰত অসংখ্য মানুহ মৰিছে, অনেকজন কাললৈ ঘুনিয়া হৈছে, হাজাৰ হাজাৰ লোকৰ ঘৰ-মাটি-ভেটি জুইত জাহ গৈছে, কিন্তু চৰকাৰ প্ৰশাসন হাত সাৱতি বহি আছে৷ মণিপুৰৰ হিংসাত্মক ঘটনাই চুবুৰীয়া ৰাজ্যকো স্পৰ্শ কৰিছে। কিন্তু চৰকাৰ ব্যস্ত আছে শাসন খামুচি ধৰি ৰখাৰ অংকত আৰু পুনৰবাৰ শাসন হস্তগত কৰাৰ অংকত। মণিপুৰত মহিলাৰ শ্লীলতা হানি কৰি সমগ্র বিশ্বৰ সমুখত দেশক লজ্জানত কৰা গাৰ

নোম শিয়ঁৰি যোৱা ঘটনাকো যেতিয়া চৰকাৰী পক্ষই তৰল ৰাজনৈতিক বক্তব্যৰে পাতল কৰিবলৈ লাজ নকৰে তেনে শাসক পক্ষৰ পৰা জনসাধাৰণে শান্তি-সম্প্ৰীতিৰ হকে কঠোৰ ব্যৱস্থা গ্ৰহণ জানো আশা কৰিব পাৰে? সূদীৰ্ঘ ৭৯ দিন দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নিৰ্লিপ্ততাই উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবহেলা প্ৰতিপন্ন হৈছে আৰু ইয়েই উত্তৰপূৰ্বাঞ্চলৰ ৰাইজক অধিক উদ্বিগ্ন কৰি তুলিছে। সমুখত ২০২৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচন। ইতিমধ্যেই চৰকাৰী পৃষ্ঠপোষকতাত অতি সাম্প্ৰদায়িক প্ৰৰোচনামূলক বক্তব্যৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। অসমত খোদ মুখ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত সকলোতকৈ

আগত আছে। কোনোবাই যদি এটা ধৰ্মৰ লোকক সাম্প্ৰদায়িক বক্তব্যৰে প্ৰৰোচিত কৰাৰ চেষ্টা কৰিছে, আন কোনোবাই আকৌ ততোধিক সাম্প্ৰদায়িক বক্তব্যৰে আন এটা ধৰ্মৰ লোকক প্ৰৰোচিত কৰাৰ অঘোষিত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মাজত মৰণ হৈছে সাধাৰণ জনতাৰ। প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত সৰ্বস্তৰৰ লোকে ভয়াবহ আশংকাত অতিবাহিত কৰিবলগীয়া হৈছে। এনে পৰিস্থিতিত ২০১৯ৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে পুলবামাত সংঘটিত হোৱা ৪০ গৰাকী নিৰাপত্তা বাহিনীৰ যোৱানৰ নৃশংস হত্যাৰ ঘটনাকো ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিব পৰা লোকে আগন্তুক ২০২৪ৰ নিৰ্বাচনৰ বাবেও যি কোনো অনুৰূপ ঘটনা সংঘটিত

কৰিব পাৰে বুলি সেই সময়ৰ এই চৰকাৰৰে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে ইতিমধ্যেই দেশবাসীক সজাগ হবলৈ আহ্বান জনাইছে। অতি শেহতীয়াকৈ ৩১ জুলাইৰ দিনা হাৰিয়ানাত এক হিন্দু ধৰ্মীয় সমদলক আক্ৰমণ, গুলি বর্ষণ, দোকান-পোহাৰ আৰু যান-বাহনত অগ্নি সংযোগ তথা একে নিশাই গুড়গাঁওৰ মছজিদৰ ঈমামক হত্যা কৰি মছজিদত অগ্নি সংযোগৰ ঘটনাই যি ৰক্তাক্ত পৰিবেশৰ সূচনা কৰিছে সাম্প্ৰদায়িক বিভাজনৰে নিৰ্বাচন জয় কৰিব বিচৰা সকলৰ পৃষ্ঠপোষকতাত শীঘ্ৰে সমগ্র দেশতে এনে বিষাক্ত পৰিবেশ বিয়পি পৰাটো সকলোৱে আশংকা কৰিছে। অসমৰ ক্ষেত্ৰত মঙলদৈৰ দৰে ঘটনাবোৰ এনে গভীৰ

ষড়যন্ত্ৰৰে একো-একোটা অংশ। অসম জাতীয় পৰিষদ দল অসমৰ জাতীয় দল। অসমৰ জাতীয় দল হিচাপে ভাষা-জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ সমগ্ৰ জাতীয় সত্বাটোক যিকোনো পৰিস্থিতিতে বিনষ্ট হ’বলৈ নিদিয়াকৈ ৰখাটো দলৰ জাতীয় দায়িত্ব। যুগ যুগ ধৰি চলি থকা অসমৰ সম্প্ৰীতিৰ এনাজৰী ডাল অধিক কটকটীয়াকৈ মজবুত কৰি ধৰি ৰখাটো দলৰ প্ৰাথমিক দায়িত্ব। অসমৰ জনসাধাৰণৰ পৰস্পৰৰ মাজৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধ অসমৰ জাতীয় সত্বাৰ মূল চালিকাশক্তি। এই চালিকাশক্তি ব্যাহত হলে অসম অসমহৈ নাথাকিব। সাম্প্ৰতিক সময়ৰ অতিসাম্প্ৰদায়িক পৰিবেশ এখন সুস্থ সমাজ, এটা ভাল ভৱিষ্যতৰ অসমৰ বাবে বিষবাষ্প স্বৰূপ। কোনো কাৰণতে

সমাজৰ কেন্সাৰ স্বৰূপ এনে বিষবাষ্প অসমলৈ আমদানি কৰিবলৈ দিয়া নহ’ব। অসমৰ ৰাইজৰ সহযোগত অসম জাতীয় পৰিষদে সৰ্বশক্তিৰে ইয়াৰ বিৰোধ কৰিব। সেয়েহে অসম জাতীয় পৰিষদে এইক্ষেত্ৰত জনসজাগতা বৃদ্ধিৰ বাবে অধিক সক্ৰিয় ৰূপত অগ্ৰসৰ হ’ব। এইক্ষেত্ৰত অহা ৫ আগষ্ট শনিবাৰে গুৱাহাটীত আৰু ৭ আগষ্ট সোমবাৰে সমগ্র অসমতে জিলা সদৰসমূহত নাগৰিক সভা আয়োজনৰ জৰিয়তে ভাষা-ধৰ্ম-জাতি-বৰ্ণ নিৰ্বিশেষে সকলো বিশিষ্ট নাগৰিকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰি অসমৰ জাতীয় সত্বা অক্ষুন্ন ৰখাৰ কামত দলে নিজকে অধিক সক্ৰিয়তাৰে আত্মনিয়োগ কৰিব।

Leave A Reply

Your email address will not be published.