জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপ সংমণ্ডলৰ জল জীৱন মিচনৰ শ শ আঁচনি বিকলঃ বহু আঁচনি ব্যৱহাৰেই নহ’ল
বকোৰ পৰা বিষ্ণু ৰাম দাসঃ ৰাজ্য চৰকাৰে দেশৰ জনগণক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে ৰূপায়ণ কৰিছে জল জীৱন মিচন নামৰ আঁচনি। এই আঁচনি খনৰ শ শ আঁচনিয়েই বিকল আৰু বহু আঁচনি ব্যৱহাৰেই নহ’ল। এই ঘটনা ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰূপ জিলাৰ বকো উপ সংমণ্ডল এলেকাৰ। উল্লেখ্য যে চৰকাৰৰ জল জীৱন মিচন আঁচনি ৰূপায়ণ সম্পৰ্কে এই প্ৰতিবেদকে কেৱাখনো পঞ্চায়ত এলেকা পৰিভ্ৰমণ কৰাত দেখা গ’ল বিভাগটোৱে ৰূপায়ণ কৰা শতাধিক আঁচনি বিকল। ইফালে বহু আঁচনি ব্যৱহাৰেই হোৱা নাই। আনহাতে বহু আঁচনি নিৰ্মাণ কৰিছে যত প্ৰাথমিক বিদ্যালয় বহু বছৰ আগতে বন্ধ হৈ পৰিছে। কিছু আঁচনি
নিৰ্মাণ কৰিছে সমাজ কল্যাণ বিভাগৰ অংগণবাভী কেন্দ্ৰ নাই অথবা বন্ধ হৈ পৰিছে তেনে স্থানত। ইফালে চৰকাৰৰ বিভাগটোৰ বিষয়া – কৰ্মী আৰু অভিযন্তাৰ অমনযোগীতাৰ বাবে হওঁক অথবা নিলুপ্ত ভুমিকাৰ বাবে হওঁক অসাধু ঠিকাদাৰে কোনো বিধি ব্যৱস্থা নোহোৱাকৈ নিৰ্মাণ কৰিছে বহু আঁচনি। এয়া মাথোন উদাহৰণহে। বাস্তৱ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জল জীৱন আঁচনি খন বিভাগটোৰ দায়িত্ববাহী বিষয়া কৰ্মীৰ সোণৰ কণী পাৰা হাহ লেখিয়া আঁচনিহে হৈছে। পৰৱৰ্তী সময়ত আঁচনি সমুহৰ ওপৰত কোন কোন বিষয়া কৰ্মী তথা অভিযন্তা জড়িত আছে প্ৰকাশ কৰা হ’ব বুলি জানিব দিয়ে এলেকা সমূহৰ সচেতন ৰাইজে।