ashomiyapatrika.com

ঔষধৰ দাম নিয়ন্ত্ৰণতো ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই(এম)

0 38

গুৱাহাটীঃ বি জে পিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিন চৰকাৰে ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি অবিৰতভাৱে জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই আছে। ভুতৰ ওপৰত দানৱ পৰাৰ দৰে আকৌ দাম বৃদ্ধি কৰে সততে ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ। চিপলা, গ্লাস্ক’, জনচন এণ্ড জনচন, এফ ডি চি, মাক্ৰ’নেবছ, নেছলে, এব’ট আদি কোম্পানীৰ ঔষধৰ দাম আগষ্টৰ ১ তাৰিখৰ পৰা একেকোবে ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰি জনসাধাৰণক বিপাঙত পেলাব। ঔষধৰ দাম ইতিমধ্যে যথেষ্ট বৃদ্ধি হৈছে। সাধাৰণ মানুহে এতিয়া ডাক্তৰে পৰামৰ্শ দিয়া ঔষধ ক্ৰয় কৰিবলৈ অপৰাগ হৈছে। বহু মানুহে ধনৰ অভাৱত দৰকাৰী ঔষধা ক্ৰয় কৰিব

নোৱাৰা অৱস্থা হৈছে। ঔষধৰ দাম বৃদ্ধিৰ লগে লগে ৰাজ্যৰ ঔষধৰ বজাৰত ভেজাল ঔষধৰ বৃহৎ কলা বজাৰ গঢ় লৈ উঠিছে। ভেজাল ঔষধৰ বৃহৎ কলা বজাৰ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কোনো পদক্ষেপ লোৱা আজিকোপতি দেখা পোৱা ন’গল। সাধাৰণ নাগৰিকৰ এতিয়া নিৰুপায় অৱস্থা৷ পেট্ৰ’ল- ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যপ্ৰয়োজনীয় বয়-বস্তুৰ দামে ৰাইজক ইতিমধ্যে কোঙা কৰি পেলাইছে। হিতাধিকাৰী আচঁনিৰে উন্নয়নৰ ফটা ঢোল বজোৱা বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে ঔষধকে ধৰি নিত্যপ্ৰয়োজনীয় বয়-বস্তুৰ দাম নিয়ন্ত্ৰণত

ব্যৰ্থ হৈছে। চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিয়ে ঔষধৰ বৰ্দ্ধিত দাম অতিশীঘ্ৰে প্ৰত্যাহৰ কৰাৰ দাবী জনায় আৰু ভেজাল ঔষধৰ কলা বজাৰ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰক উচিত পদক্ষেপ লব’লৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.