ashomiyapatrika.com

বকো আঞ্চলিক ৰাজহুৱা শ্মশানৰ মুল তোৰণ ‘মুক্তি ধাম’ উদ্ঘাটন আৰু গছ পুলি ৰোপন

0 50

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ ৰাজহুৱা শ্মশান খন আধুনিক ৰূপত সজাই পৰাই তোলা হৈছে। বকো বজাৰ সমিতিৰ তত্বাৱধানত আৰু শ্মশান পৰিচালনা সমিতিৰ সহযোগত পৰিচালিত হৈ থকা শ্মশান খনৰ মুল তোৰণ ‘মুক্তি ধাম’ নাম দি আজি আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে। ইফালে শ্মশানৰ তোৰণ উদ্ঘাটনৰ কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি শ্মশানৰ চৌহদত ভিন্ন প্ৰকাৰৰ গছ পুলি ৰোপন কৰে। বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া আৰু সম্পাদক সম্ভু ভদ্ৰ, শ্মশান পৰিচালনা সমিতিৰ সভাপতি জ্যেষ্ঠ্য ধৰ্মপ্ৰাণ ব্যক্তি অচ্যুত সাহা আৰু সম্পাদক মনো কলিতাই জনোৱা মতে শ্মশানৰ তোৰণ আৰু গছ পুলি ৰোপন কাৰ্য্যসূচী

আনুষ্ঠানিক ভাৱে সম্পন্ন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথে। উক্ত মাংগলিক অনুষ্ঠানত উপস্থিত থাকে সমিতিৰ উপ সভাপতি উমেশ সিং, বিশিষ্ট সমাজ কৰ্মী ৰমেন বৰা, তৰুণ বড়ো, বিদ্যুৎ পণ্ডিত, সহকাৰী সম্পাদক বিজয় দত্ত শৰ্মা, মিন্টু আগৰৱালা আদিকে ধৰি বহু কেইজন বিষয় ববীয়া উপস্থিত থাকে। তোৰণ নিৰ্মাণ কৰা আৰু চৌহদত গছ পুলি ৰোপন কৰা কাৰ্য্যসুচীৰ বাবে বকোবাসীয়ে শলাগ লয়।

Leave A Reply

Your email address will not be published.