পুৰণি মেনুৱেল ফৰমেটৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, গাড়ীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ ডিজিটাইজেশ্যন কৰাৰ বাবে এককালীন সুযোগ প্ৰদান ৰাজ্য চৰকাৰৰ
৩ মাহৰ ভিতৰত ডিজিটাইজেশ্যন নহ’লে বাতিল হ’ব মেনুৱেল কাগজভিত্তিক বাহন চালনাৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ
গুৱাহাটীঃ ৰাজ্যৰ পুৰণি বাহন চালনাৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন প্ৰমানপত্ৰৰ যিবোৰ এতিয়াও কাগজৰ মেনুৱেল ফৰমেটত আছে সেইবোৰ ১আগষ্টৰ পৰা আগন্তুক ৩ মাহৰ ভিতৰত বাধ্যতামূলকভাৱে ডিজিটাইজেশ্যন কৰাৰ এককালীন সুযোগ আগবঢ়াইছে ৰাজ্য চৰকাৰে। নিৰ্ধাৰিত তিনি মাহৰ ভিতৰত ডিজিটাইজেশ্যন নোহোৱা মেনুৱেল কাগজভিত্তিক গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ আৰু বাহনৰ পঞ্জীয়নপত্ৰ বাতিল কৰা হ’ব বুলিও কোৱা হৈছে৷ বাহন চালনাৰ এনে অবৈধ অনুজ্ঞা-পত্ৰ লৈ গাড়ী চলালে যানবাহন আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ একেদৰে বৈধভাৱে পঞ্জীয়ন নোহোৱা বুলি গণ্য কৰা বাহনসমূহ বলবৎকাৰী
সংস্থাসমূহে জব্দ কৰি স্ক্ৰেপলৈ প্ৰেৰণ কৰিব৷ আবেদনকাৰী সকলে নিজৰ ঘৰৰ পৰা অনলাইনযোগে www.parivahan.gov.in ত অথবা সমীপৱৰ্তী যিকোনো চিএছচিৰ জড়িয়তে আধাৰ ভিত্তিক প্ৰমাণীকৰণৰ সৈতে বাহন চালনাৰ অনুজ্ঞা-পত্ৰ/গাড়ীৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰৰ মূল কপি আপলোড কৰি আবেদন কৰিব লাগিব। বেকলগ ডাটা প্ৰৱেশ কৰাৰ সময়ত আবেদনকাৰীয়ে উক্ত বাহন চালনাৰ অনুজ্ঞা-পত্ৰ, গাড়ীৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ জাৰি কৰা অসমৰ সংশ্লিষ্ট অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন কৰ্তৃপক্ষত আবেদন কৰিব লাগিব। এন আই চিয়ে বাহন আৰু সাৰথিত প্ৰয়োজনীয় মডিউল/বিকল্প প্ৰস্তুত কৰিব য’ত নাগৰিকে অনলাইন মোডত বেকলগ ডাটা-এণ্ট্ৰি ফৰ্ম
পূৰণ কৰিব পাৰিব। আবেদনকাৰীয়ে যথাযথভাৱে পূৰণ আৰু সম্পূৰ্ণ কৰা সকলো প্ৰ-পত্ৰ ৪ দিনৰ ভিতৰত সংশ্লিষ্ট জিলা পৰিবহণ বিষয়াই পৰীক্ষা আৰু অনুমোদনৰ ব্যৱস্থা কৰিব আৰু জিলা পৰিবহণ বিষয়াৰ অনুমোদনৰ পিছত ডিজিটাইজেশ্যন তথ্য SARATHI/VAHAN ত উপলব্ধ হ’ব। তথ্য ডিজিটেলাইজেশ্যনৰ পিছত সকলো গাড়ী চালনাৰ অনুজ্ঞাপত্ৰধাৰীয়ে প্ৰয়োজন হ’লে গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ নবীকৰণৰ বাবে তৎক্ষণাত অনলাইনযোগে আবেদন কৰিব লাগিব। ইফালে গাড়ীৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰৰ ডিজিটাইজেশ্যনৰ সময়ত যানবাহনৰ গৰাকীসকলে কৰ, মাচুল,জৰিমনা আদি অনলাইনযোগে পৰিশোধ কৰি পঞ্জীয়ন প্ৰমাণপত্ৰ, ফিটনেছ প্ৰমাণপত্ৰ, প্ৰদূষণ প্ৰমাণপত্ৰ আদি সকলো প্ৰয়োজনীয় যান-বাহনৰ নথি-পত্ৰ আপডেট কৰি ল’ব লাগিব। উল্লেখ্য যে ১আগষ্টৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব।