ashomiyapatrika.com

বীণাপাণি জ্যোতিষ কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাক বিতৰণ অনুষ্ঠান

0 68

মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ উদ্যোগত আজি এক গাম্ভীৰ্যপুৰ্ণ পৰিবেশত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাজ-পোছাক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বতাধিকাৰী অপূৰ্ব দেৱশৰ্মাৰ একক প্ৰচেষ্ঠাত জ্যোতিষী কাৰ্যৰ ওপৰিও সমাজ সেৱামূলক মনোভাৱেৰে দৰিদ্ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ সাজ-পোছাক বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে। সভাৰ আৰম্ভণীতে যোৱা ২৮ জুলাই দখলাত বিদ্যুতৰ কাম কৰি থকা অৱস্থাত ছয়গাঁৱৰ অমৰ দাস নামৰ যুৱকজন বিদ্যুৎ স্পষ্ট হৈ মৃত্যুক আকোৱালি লৈছিল। যুৱজনৰ আত্মাৰ সদগতি কামনাৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়।

এই উপলক্ষে অনুষ্ঠিত সভাত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৰকান্ত অধিকাৰীয়ে বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মানুহ হ’বলৈ আহ্বান জনায়। টকা ঘটিবলৈ সহজ কিন্তু মানুহ হবলৈ কঠিন। মানুহ হবলৈ হলে শিক্ষা লাগে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক এডৱাৰ্ড ষ্টেডি এন চাংমা, জ্যেষ্ঠ সাংবাদিক বলেন কলিতা, অমৃত চন্দ্ৰ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিউতি কাকতি উপস্থিত থাকি জ্যেতিষী অপূৰ্ব দেৱ শৰ্মাৰ এনে পদক্ষেপক আদৰণী জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান

কৰি তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে। অঞ্চলটোৰ যয।ৰাইজ তথা শুভকাংশীসকল উপস্থিত থকা সভাখনত দক্ষিণ কামৰূপ অঞ্চলৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক সাজ-পোচাক বিতৰণ কৰাৰ লগতে বিহু নৃত্যৰে গিনিজ বুক অফ ৱাল্ডত ৰেকৰ্ড কৰা অঞ্চলটোৰ তিনিগৰাকী বিহুৱতীক গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সুশীলা দাস আৰু প্ৰমিলা কলিতাক টিনপাত প্ৰদান কৰে। শেষত বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই সামাৰ্থ অনুযায়ী ৰাইজ তথা দুখীয়া লোকক সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা ভাষণত উল্লেখ কৰাৰ লগতে স্থানীয়

ৰাজহুৱা মন্দিৰত ৫০ হাজাৰ টকা অনুদান ঘোষণা কৰি আজি আগধন হিচাপে নগদ ২০ হাজাৰ টকা মন্দিৰৰ সভাপতি/সম্পাদকৰ হাতত প্ৰদান কৰে। জ্যোতিষী অপূৰ্ব দেৱ শৰ্মাৰ এনে প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাই।

Leave A Reply

Your email address will not be published.