ashomiyapatrika.com

অসম বিধান সভাৰ নতুন ভৱন উদ্ধোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

0 167

গুৱাহাটীঃ ৰাজধানী দিছপুৰত নতুনকৈ অত্যাধুনিক প্ৰদ্ধতিৰে নিৰ্মাণ কৰি উলিওৱা অসম বিধান সভাৰ নতুন ভৱনটো আজি উদ্ধোধন কৰা হয়৷ ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সন্মানীয় লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷ ভৱনটো উদ্ধোধন কৰি লোকসভাৰ অধ্যক্ষ গৰাকীয়ে নতুন এই ভৱনটোৱে বহু ইতিহাসৰ সাক্ষী হব বুলি উল্লেখ কৰে৷ উদ্বোধনী অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা উপৰিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত থাকে। বহু প্ৰত্যাশিত এই ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত অধ্যক্ষ বিশ্বজিত দৈমাৰী, অসম বিধানসভাৰ বৰ্তমানৰ সদস্য

আৰু অন্যান্য বিশিষ্ট অতিথিৰ উপৰি সংসদৰ বৰ্তমান আৰু প্ৰাক্তন সাংসদ সদস্যসকলো উপস্থিত আছিল। উল্লেখ্য যে শ্বিলঙৰ পৰা ১৯৭২ চনত ৰাজধানী স্থানান্তৰ কৰাৰ পিছত দিছপুৰত পুৰনি ভৱনটোত প্ৰথমবাৰৰ বাবে ১৯৭৩ চনত বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হয়। বহু আধুনিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ এই নতুন বিধানসভা ভৱনটোৱে প্ৰায় ৫০ বছৰৰ মুৰত এটা স্হায়ী ঠিকনা লাভ কৰে৷ যাক লৈ এতিয়া সকলোৱে সন্তুষ্টি লাভ কৰিছে৷ ৰাজধানী দিছপুৰত নতুন বিধানসভা ভৱনৰ আনুষ্ঠানিক উদ্বোধনীৰ পূর্বে ২৯ জুলাইত নতুন ভৱনত ‘গৃহপূজনো’ কৰিছিল৷ উদ্ধোধনী অনুষ্ঠানৰ ভাষনত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰমুখ্যে

অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিসত্তাই অসম বিধানসভাৰ মজিয়াত অসমৰ জাতীয় জীৱনৰ উত্তৰণৰ হকে অহোপুৰুষাৰ্থ কৰিছিল বুলি উল্লেখ কৰে৷ অনুষ্ঠানত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱালে আজিৰ দিনটো অসমৰ জনগণৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন, কিয়নো অসম বিধানসভাৰ নতুন ভৱন চৌহদৰ শুভ উদ্বোধনে ৰাজ্যখনত এটা উপযুক্ত আৰু অত্যাধুনিক বিধানসভা ভৱন নিৰ্মাণৰ বহু বছৰৰ অপেক্ষাৰ অন্ত পেলালে বুলি কয়৷ সনোৱালে লগতে কয় আজিৰ এই শুভ ক্ষণত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় এই নতুন ভৱন চৌহদ হৈছে এক অনন্য

স্থাপত্য সৃষ্টি, যি গণতন্ত্ৰৰ প্ৰমূল্যবোধৰ বাবে সদায় সতৰ্ক, সদায় জাগ্ৰত আৰু সদায় দায়বদ্ধ হৈ থাকিব। এয়া অসমবাসীৰ সামূহিক প্ৰচেষ্টা আৰু আশা-আকাংক্ষা ৰূপায়ণৰ এখন মোহনীয়া প্ৰতিচ্ছবি।

Leave A Reply

Your email address will not be published.