ashomiyapatrika.com

বকো সাহিত্য সভা আৰু গ্ৰন্থবাৰ্তা প্ৰকাশন গোষ্ঠীৰ উদ্যোগত বকোত তিনিদিনীয়া কবিতা আবৃত্তি কৰ্মশালা

0 40

বকোৰ পৰা বিষ্ণু ৰাম দাসঃ কামৰূপ জিলাৰ বকো সাহিত্য সভা শতদল শাখা আৰু গুৱাহাটীৰ গ্ৰন্থবাৰ্তা প্ৰকাশন গোষ্ঠীৰ উদ্যোগত বকোত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় কবিতা আবৃত্তি কৰ্মশালা। বকো সাহিত্য সভাৰ সাধাৰণ সম্পাদক জনাৰ্দন বড়ো আৰু পত্ৰিকা সম্পাদক পবিত্ৰ কৈৱৰ্তই জনোৱা মতে কবিতা আবৃত্তি কৰ্মশালাৰ প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে আবৃত্তিৰত্ন ৰিজুমণি শ‌ইকীয়া তামুলীয়ে। কৰ্মশালাৰ তিনিদিনত সুদূৰ দুলীয়াজানৰ পৰা আহি বকোত কবিতা আবৃত্তিৰ প্ৰশিক্ষণ গ্ৰহণৰ এক নতুন আলোড়নৰ সৃষ্টি কৰে। কৰ্মশালাৰ সামৰণিৰ দিনা বকো সাহিত্য সভাৰ সভাপতি বিজয়া ডেকাই সভাপতিত্ব কৰে। সামৰণি

অনুষ্ঠানত কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। ইফালে বৰ্ণমালা শিক্ষণ পদ্ধতি অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ শুদ্ধ উচ্চাৰণৰ বুলি লিখি উলিওৱা এখন সৰু পুথি যিখনৰ প্ৰায় ১ লাখ ৩০ হাজাৰ সংখ্যক বিক্ৰী হোৱা কিতাপখনৰ লিখক প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্যৰ লগতে জিলা আচঁনি বিষয়া কামৰূপৰ ফুলপাহি নাথ, কামৰূপ জিলাৰ FLN পৰামৰ্শদাতা নিতুমণি মহন্ত তথা ‘জ্ঞানম’ ই-আলোচনীৰ এটি দলে আকস্মিকভাৱে অনুষ্ঠানত উপস্থিত হৈ সকলোকে কৃতাৰ্থ কৰে। উল্লেখ্য যে গ্ৰন্থবাৰ্তা প্ৰকাশন গোষ্ঠীৰ স্বতাধিকাৰী পূৰৱী হাজৰিকা তথা পৰিয়ালৰ লগতে বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান কেন্দ্ৰীয়

কাৰ্যনিবাহক সদস্য‌ ড° গণেশ্বৰ চহৰীয়া, প্ৰাক্তন সভাপতি সুৰেন চন্দ্ৰ কলিতা, উপ সভাপতি গৌৰাংগ ঠাকুৰীয়া, বিত্ত সম্পাদক নৃপেন ভাগৱতী, নাৰায়ণ তালুকদাৰ, সম্পাদক জনাৰ্দন বড়ো, সহকাৰী সম্পাদক বিষ্ণুৰাম দাস, পত্ৰিকা সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত‌ৰ লগতে বকো সাহিত্য সভাৰ অন্যান্য কৰ্মী তথা সংবাদকৰ্মী দিগন্ত বৈদ্য, কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী, অভিভাৱক আদিৰ আটাইৰে সহযোগিতাত অনুষ্ঠানটি সফলতাৰে সামৰণি পৰে।

Leave A Reply

Your email address will not be published.