ashomiyapatrika.com

বঙাইগাঁৱত আৰক্ষী অধীক্ষকৰ চতুৰ্থ সন্মিলনৰ সামৰণিঃ সংবাদ মেলত মুখ্যমন্ত্ৰীৰ ঘোষণা পূৰ্বতকৈ কমিছে অপৰাধ

0 36

ৰাজ্যৰ ২৫০ খন আৰক্ষী চকী- পহৰা চকীক উন্নীত কৰা হ’ব থানালৈঃ পৰৱৰ্তী আৰক্ষী অধীক্ষক সন্মিলন হ’ব যোৰহাটতঃ ছেপ্টেম্বৰৰ পৰা পুনৰ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযানঃ জিলাই জিলাই হ’ব আৰক্ষী মডেল স্কুল – আৰক্ষীৰ বাবে কেণ্টিন

বঙাইগাঁওঃ অসমত পূৰ্বতকৈ কমিছে অপৰাধ ৷ ফলত গোচৰৰ সংখ্যা বহু কমিছে ৷ ২০২১ চনৰ তুলনাত ২০২২ ত গোচৰৰ সংখ্যা আধালৈ হ্ৰাস পাইছে ৷ মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধো কমিছে ৷ ২০২২ চনৰ এন চি পি বিৰ প্ৰতিবেদনৰ ফলাফ ভাল আহিব আৰু প্ৰতিবেদনত সম্পূৰ্ণ তথ্য পোৱা যাব৷ এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ বঙাইগাঁও চহৰৰ আৰক্ষী সন্মিলন কেন্দ্ৰত অনুষ্ঠিত অসম আৰক্ষীৰ চতুৰ্থখন আৰক্ষী অধীক্ষক সন্মিলনৰ শনিবাৰে সামৰণীৰ পিচত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷ উল্লেখ্য যে ২৭ জুলাইৰ পৰা বঙাইগাঁৱত অনুষ্ঠিত হৈছিল আৰক্ষীৰ অধীক্ষক সন্মিলন৷ মূলত শুকুৰবাৰ

আৰু শনিবাৰেহে সন্মিলনত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকী সন্মিলনত উপস্থিত থাকি আৰক্ষী অধীক্ষকসকলক বিভিন্ন নিৰ্দেশনা প্ৰদান কৰে ৷ শনিবাৰে সন্ধিয়া সন্মিলনৰ সামৰণীৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল আয়োজন কৰি আৰক্ষী অধীক্ষক সকলৰ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ব্যক্ত কৰাৰ লগতে পৰৱৰ্তী দিনত বিষয় সমূহ কাৰ্যকৰীকৰণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷ অসম চৰকাৰৰ মুখ্য সচিৱ পৱন বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত দিনত কাজিৰঙাৰ কঁহৰা, দুলীয়াজান আৰু দেৰগাঁৱৰ পাছত বঙাইগাঁৱত আৰক্ষী

অধীক্ষক সন্মিলন অনুষ্ঠিত হৈছে৷ পৰৱৰ্তী পঞ্চম সন্মিলন খনি অহা ছমাহৰ ভিতৰত ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ’ব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সন্মিলনত প্ৰতিখন জিলাৰ গোচৰৰ ভিত্তিত অভিযোগনামা দাখিল সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে শিশু আৰু মহিলাৰ ওপৰত হোৱা অপৰাধৰ ওপৰতো বিশেষভাৱে আলোচনা কৰা হয় ৷ আলোচনাত গোচৰ পঞ্জীয়ন, অভিযোগনামা দাখিলৰ ক্ষেত্ৰত আৰক্ষীয়ে ভাল ফল প্ৰদৰ্শন কৰিছে ৷ বৰপেটা জিলা আৰক্ষীয়ে সময়ত অভিযোগ নামা দাখিল কৰিছে ৷ বহুকেইখন জিলাই ৯০ – ৯৫ শতাংশ গোচৰৰ অভিযোগনামা দাখিল কৰিছে ৷ এতিয়াৰে পৰা সময়ত অভিযোগনামা দাখিল কৰাটো নিয়মত পৰিণত হ’ব ৷ তেওঁ

তদন্তৰ হেতালি খেলা ৰোধ কৰিবলৈ চিচিটিএনএছৰ অধীনত এতিয়াৰে পৰা সাধাৰণ পঞ্জীত পঞ্জীয়ন কৰি ৰখাৰ আবেদনসমূহ ডিজিটেলাইজ কৰা হ’ব বুলি কয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰে পৰা কেৱল আৰক্ষী অধীক্ষকসকলৰ সন্মিলনেই নহয় বৰং ৰাজ্যখনৰ প্ৰতিখন জিলাৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতেও সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰি এই সন্মিলনত মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী উপস্থিত থাকিব বুলি কয় ৷ আনহাতে ৰাজ্যখনৰ বিভিন্ন জিলাত থকা প্ৰায় ২৫০ খন আৰক্ষী চকী আৰু আৰক্ষী পহৰা চকীক থানালৈ উন্নীতকৰণ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে

কয় যে ইয়াৰ ফলত ৰাইজৰ লাভ হ’ব ৷ কাৰণ আৰক্ষী চকী আৰু আৰক্ষী পহৰা চকীসমূহ আছে যদিও তাত গোচৰ পঞ্জীয়ন কৰিব পৰা নাছিল ৷ সেয়ে গোচৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী চকীসমূহ থানালৈ উন্নীতকৰণ কৰিলে তাত গোচৰ পঞ্জীয়ন কৰিব পৰা যাব ৷ ইয়াৰ ফলত ৰাজ্যখনত মুঠ থানাৰ সংখ্যা ৬০০ খনলৈ বৃদ্ধি পাব ৷ এতিয়াৰে পৰা নতুন আৰক্ষী চকী স্থাপন কৰা নহ’ব ৷ প্ৰয়োজনত আৰক্ষী থানা স্থাপন কৰা হ’ব ৷ আনহাতে গুৱাহাটী আৰক্ষীৰ আন্তঃ গাঁথনি সম্প্ৰসাৰণ কৰা হ’ব বুলি উল্লেখ কৰি বৰ্তমানৰ ১৯ খন থানাৰ পৰা ৩৪ খনলৈ থানাৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি কয় ৷ দিছপুৰ আৰক্ষী থানাক চাৰিটা ভাগত ভাগ কৰা হ’ব বুলি কয় ৷ মুখ্য

মন্ত্ৰীয়ে বিগত দিনত চৰকাৰে লোৱা পদক্ষেপৰ পাছত বাল্য বিবাহ যথেষ্ট কমিছে বুলি উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক সকলে বাল্য বিবাহ বৰ্তমান নাই বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে এই বাল্য বিবাহ একেবাৰে শূন্য কৰিব লাগিব বুলি সকিয়নি দিয়াৰ লগতে অহা চেপ্টেম্বৰ মাহৰ পৰা পুনৰ অভিযান চলাই আৰক্ষী অধীক্ষক সকলক শূন্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে ড্ৰাগছৰ ওপৰতো কঠোৰ পদক্ষেপ লবলৈ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশনা দিয়াৰ কথা উল্লেখ কৰে ৷ সেইদৰে ৰাজ্যখনত বহু বিবাহ প্ৰথা বন্ধ কৰা হ’ব বুলিও কয় ৷ তেওঁ অপৰাধমূলক গোচৰসমূহৰ তদন্তৰ ক্ষিপ্ৰ গতিৰ বাবে তথা প্ৰমাণসমূহ তাৎক্ষণিকভাৱে

সংগ্ৰহৰ বাবে প্ৰতিখন থানাত একোজনকৈ ক্ৰাইমচিন অফিচাৰ থাকিব নিয়োগ কৰা হ’ব বুলি উল্লেখ কৰি ইয়াৰ বাবে ৪০০ আৰক্ষীক ফৰেনছিকৰ প্ৰশিক্ষণ দি থকা হৈছে বুলি কয় ৷ সেইদৰে আৰ্মি, চি আৰ পি এফৰ দৰে অসম চৰকাৰে পৰৱৰ্তী দিনত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু অন্য সামগ্ৰী লাভৰ বাবে আৰক্ষীসকলৰ সুবিধাৰ বাবে প্ৰত্যেকখন জিলাত আৰক্ষীৰ বাবে একোখন বিভাগীয় কেণ্টিনৰ ব্যৱস্থা কৰা হ’ব আৰু এই কেণ্টিনত আৰক্ষীয়ে কম দামতে পাব সামগ্ৰী বুলি কয়৷ সেইদৰে প্ৰতিখন জিলাতে হ’ব একোখন আৰক্ষী মডেল হাইস্কুল ৷ আৰ্মি স্কুলৰ দৰে অসমত আৰক্ষীৰ ল’ৰা- ছোৱালীক শিক্ষাদানৰ বাবে আৰক্ষী বিষয়া সকলৰ পত্নী সকলৰ

দ্বাৰা পৰিচালিত হোৱাকৈ লক্ষ্য ৰাখি এই আৰক্ষী মডেল হাইস্কুল খোলাৰ সিদ্ধান্ত লোৱাৰ কথাও তেওঁ সংবাদ মেলত সদৰি কৰে ৷ এই বিদ্যালয় সমূহত আন ব্যক্তিৰ ল’ৰা ছোৱালীও পঢ়াৰ সুবিধা পাব বুলিও তেওঁ উল্লেখ কৰে ৷ আৰক্ষীৰ ডি এ, পদোন্নতি আদি বিভিন্ন বিষয়তো আলোচনা কৰি প্ৰতি তিনি মাহৰ ভিতৰত এই দিশটো পৰ্যালোচনা কৰা হ’ব আৰু ৩১ ডিচেম্বৰত অৱসৰ লোৱা সকলৰ স্থানত অক্টোবৰত নতুন মকৰলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয় ৷ তেঁৱৰ মতে অসম আৰক্ষীত নাথাকিব খালী পদ ৷ লগতে সমান্তৰালকৈ হ’ব পদোন্নতিও ৷ অক্টোৱৰত পূণৰ হ’ব অসম আৰক্ষীত নিযুক্তি ৷ আগন্তুক বৰ্ষৰ ১ এপ্ৰিলৰ ভিতৰত সকলো খালী

পদ পূৰণ কৰা হ’ব ৷ আনহাতে এতিয়াৰে পৰা জব্দ হোৱা সোণ, মোৱাইল ফোন তৎকালে বিক্ৰী কৰি মূল্যখিনি জমা ৰখা হ’ব বুলি কয় ৷ পিচত গৰাকীক দিবলগীয়া হলে সেই সামগ্ৰীৰ মূল্যখিনি ওভতাই দিয়া হ’ব ৷ সেইদৰে থানাত থকা মালিকবিহীন বাহন তিনি মাহৰ ভিতৰত বিক্ৰী কৰি দিয়া হ’ব ৷ আনহাতে এতিয়াৰে পৰা জিলা আৰক্ষী অধীক্ষকসকল একোজন আইনী উপদেষ্টা ৰাখিবলৈ নিৰ্দেশ দিছে ৷ কাৰণ বহু সময়ত নিম্ন আদালতত চৰকাৰী পক্ষই গোচৰত পৰাস্ত হয় ৷ সেয়ে যদি চৰকাৰী পক্ষই কোনো গোচৰত নিম্ন আদালতত পৰাস্ত হয় তেন্তে উচ্চ ন্যায়ালয়ত যাতে আপীল কৰাটো নিশ্চিত কৰিব পাৰে তাৰ বাবে আইনী উপদেষ্টাৰ ব্যৱস্থা কৰা হ’ব ৷ হোমগাৰ্ড,

চিভিল ডিফেন্সৰ লগতে বিআইইঅ এতিয়াৰে পৰা আৰক্ষী সঞ্চালক প্ৰধানৰ অধীনত থাকিব ৷ সেইদৰে অসমৰ নাগৰিক সমিতিক আইনগত ৰূপ দিয়া হ’ব বুলিও কয় ৷ ইপিনে লাভ জেহাদ সম্পৰ্কীয় দিশত ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে মুছলমান যুৱকে মুছলমান যুৱতী বিয়া পতা উচিত বুলি ব্যক্ত কৰি হিন্দু যুৱকে হিন্দু যুৱতী বিয়া পতা উচিত বুলি মন্তব্য কৰি মুছলমান পুৰোহিতে হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ বিয়া পাতি দিব নোৱাৰে বুলি উল্লেখ কৰি হিন্দু পুৰোহিতে হিন্দু যুৱক আৰু মুছলমান যুৱতীৰ বিয়া পাতি দিব নোৱাৰে বুলিও তাৎপৰ্য মন্তব্য কৰে ৷ মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ ঘৰত আহিলে পৰিৱেশ মিলাব নোৱাৰে, একেদৰে হিন্দু যুৱতীয়ে

মুছলমান যুৱকৰ ঘৰলৈ গলে পৰিৱেশৰ লগত চলিব নোৱাৰে ৷ সেয়েহে অসমৰ হিন্দু মুছলমানৰ মাজত পূৰ্বৰ দৰে সদ্ভাৱ মিলাই চলিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীয়ে ৰহিংগীয়াৰ প্ৰত্যাবৰ্তন অসমৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি ইয়াৰ বাবে প্ৰতিৰোধ গঢ়ি তোলা হ’ব বুলি তেওঁ মত ব্যক্ত কৰে ৷ সংবাদ মেলৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বঙাইগাঁও জিলাৰ বিভিন্ন দল. সংগঠন, নাগৰিক, ব্যক্তি বিশেষৰ সতে মত বিনিময় কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কাম কাজ সম্পৰ্কে আলোচনা কৰে আৰু বহুতৰে সমস্যা, আবেদন গ্ৰহণ কৰি যথা সম্ভৱ সমাধানৰ দিশত আলোকপাত কৰে ৷ ইপিনে পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ জেল্কাঝাৰত চলি থকা

সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰ বুুজ লয় ৷ সেইদৰে বঙাইগাঁও চহৰৰ চিলাৰায় উৰণীয়া সেতুৰ তলত নিৰ্মাণ কৰা তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ২৭ জুলাইত বিকাশ উৎসৱৰ ৰাজহুৱা সভাত ভাৰ্ছুৱেলী উদ্বোধন কৰা থীম পাৰ্ক, বঙাইগাঁও ইক’ পাৰ্কৰ জল ক্ৰীড়াৰ বাবে নিৰ্মিত জলাশয়, ৱাৰ্কিং জ’ন আদি পৰিদৰ্শন কৰে৷

Leave A Reply

Your email address will not be published.