ashomiyapatrika.com

বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সভা সম্পন্ন

0 59

বকোঃ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ ৬৩ সংখ্যক বৰ্ষৰ বাৰ্ষিক অধিবেশন খন এই বেলি কামৰূপ জিলাৰ বকোত আয়োজন কৰাৰ প্ৰস্তূতি চলিছে। বকোত সমাগম ২০২৪ বৰ্ষত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন খন। সেয়ে অধিবেশন খন সৰ্বাংগ সুন্দৰ ৰূপত পৰিচালনা কৰিবলৈ ইতিমধ্যে দক্ষিণ কামৰূপৰ বড়ো জনগোষ্ঠীৰ লোকৰ লগতে বিভিন্ন জাতি – জনগোষ্ঠীৰ লোকে সন্মিলিত ভাৱে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। প্ৰস্তুতিৰ অংশ হিচাবেই আজি জৱাহৰলাল নেহেৰু মহাবিদ্যালয় বকোৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা ৰাভা হাছং স্বায়ত্ব

শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীৰ পৌৰহিত্যত অনুষ্ঠিত হয় সাধাৰণ সভা খন। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু বসুমতাৰীয়ে আত ধৰা আৰু উদ্যেশ্য বাখ্যা কৰা সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, বি জে পি নেতা তথা অভ্যৰ্থনা সমিতিৰ উপ সভাপতি অনুপ কুমাৰ মেধি, কামৰূপ জিলা বডো সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বড়ো, বড়ো কছাৰী স্বায়ত্ব উন্নয়ণ পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ দশৰথ বড়ো, কামৰূপ জিলা পৰিষদৰ উপাধ্যক্ষ কম্বু ৰাম ৰাভা, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা,

অৱসৰপ্ৰাপ্ত বন বিষয়া তথা অসম গৌৰৱ বঁটা প্ৰাপক ধৰণীধৰ বড়ো, যুৱ সমাজ কৰ্মী পৰাণজ্যোতি দাস, দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা, যুৱ সমাজ কৰ্মী গৌৰাঙ্গ চৌধুৰী, ৰজিত বড়ো, নেপালী কল্যাণ পৰিষদৰ গোপাল শৰ্মা, বড়ো জাতীয় সংগঠনৰ ভাতৃ ভগ্নী সংগঠনৰ বিভিন্ন বিভাগৰ পদবীধাৰী বিষয় ববীয়া সকল, অন্যান্য জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতৃবৃন্দ আৰু প্ৰায় তিনি শতাধিক শুভাকাংশীয়ে অংশগ্ৰহণ কৰে। সভাত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ উপ সমিতি সমুহক দায়িত্ব ভাৰ অৰ্পণ কৰা হয়। ইফালে যোৱা ৯ জুলাইত গঠন হোৱা অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়া আৰু

উপ সমিতি সমুহৰ বিষয় ববীয়া সকলোক চা – চিনাকি কৰাই দিয়া হয়। বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সাধাৰণ সস্পাদক নিৰণ খাখলাৰী, কামৰূপ জিলা বড়ো সাহিত্য সভাৰ সম্পাদক কমল চন্দ্র বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি/ সম্পাদক আৰু বিষয় ববীয়া সকলোৰ তৎপৰতাত আয়োজন কৰা সাধাৰণ সভাত ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন সুন্দৰ ৰূপত পৰিচালনা কৰিবলৈ যাৱতীয় ব্যৱস্থাৰ প্ৰস্তূতি সম্পৰ্কে আলোকপাত কৰে। সভাত অংশগ্রহণ কৰা বিষয় ববীয়া সকলে অধিবেশন খন পৰিচালনাৰ ক্ষেত্ৰত ল’ব লগা বিধি ব্যৱস্থাৰ ওপৰত আলোচনা কৰে।

Leave A Reply

Your email address will not be published.