বকোত ৰাভা লোক নৃত্য কৰ্মশালাৰ সামৰণি
বকোঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আৰু বকোৰ জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ তত্বাৱধানত বকোত আয়োজন কৰা হৈছিল ৰাভা লোক নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা। উল্লেখ্য যে যোৱা ১৫ জুলাইৰ পৰা ১০ দিনীয়াকৈ ৰাভা লোক নৃত্য প্ৰশিক্ষণৰ কৰ্মশালা খনি আজি কলেজ অৱ এডুকেশ্বন বকোত আনুষ্ঠানিক ভাৱে সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে কলেজ অৱ এডুকেশ্বন বকোৰ সচিব প্ৰধান ড° গণেশ্বৰ চহৰীয়া, সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ সাংগঠনিক সম্পাদক তথা লোক বাদ্য শিল্পী অমূল্য ৰাভা, অনাতাঁৰ শিল্পী প্ৰবীণ ৰাভা, জ্যোস্না ৰাভা, বকো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি
সুৰেণ চন্দ্ৰ কলিতা, শিক্ষক দেবীৰাম বড়োকে ধৰি বহু কেইজন বিশিষ্ট শিল্পী সাহিত্যিক। ইফালে ৰাভা লোক নৃত্য কৰ্মশালাত অংশগ্ৰহণ কৰা তথা প্ৰশিক্ষণ লোৱা ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ৰাভা লোক নৃত্য হামজাৰ নৃত্য প্ৰদৰ্শন কৰাৰ লগতে সুন্দৰ কৈ প্ৰত্যেকে হামজাৰ গীতটো পৰিবেশন কৰে। ইয়াৰ পিছতে প্ৰশিক্ষাৰ্থী সকলোক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। কৰ্মশালাৰ সহযোগ আগবঢ়োৱা জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰৰ অধ্যক্ষ মনোজ কুমাৰ দাসে। অনুস্থানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰমাণ পত্ৰ সমুহ প্ৰেৰণ কৰে বুলি জানিব দিয়ে আৰু প্ৰমাণ পত্ৰখন ৰাইজৰ আগত প্ৰদৰ্শন কৰে মনোজ কুমাৰ দাস আৰু প্ৰশিক্ষক কুশল ৰাভাই।