ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ সমুহীয়া নাৰ্চাৰী আঁচনিৰ জৰিয়তে কঠীয়া সিচিলে কালিয়াবড়ী কৃষক সমাজে
বকোঃ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অভিলাষি আঁচনি সমুহীয়া নাৰ্চাৰীৰ জৰিয়তে আজি কঠীয়া সিচা কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। বিশেষকৈ বান পিড়ীত এলেকাত কৃষক সকলোক সকাহ দিবলৈকে চৰকাৰৰ কৃষি বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। তাৰেই ফলস্বৰূপে আজি কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত কালিয়াবড়ী গাওঁত গাওঁৰ কৃষক সমাজে এক হেক্টৰ মাটিত চৰকাৰৰ উন্নত মানৰ ধানৰ বীজ অৰ্থাৎ কঠীয়া সিচে। কৃষি বিভাগৰ বিষয়া কৰ্মীৰ উপস্থিতিত কৃষক সমাজৰ খৰ্গেশ্বৰ দাস, ৰবীন্দ্ৰ দাস, বৰুণ দাস, লাচিত কলিতা, ভৰত পাঠক, বিজয় মেধি, কৰুণা দাস আৰু বিষ্ণু ৰাম দাসৰ সহযোগত খেতি খোলা কঠীয়া সিচাৰ বাবে উপযুক্ত কৰি তুলি চতিয়াই দিয়ে। এই কাৰ্য্যত বিশেষ ভাৱে সহযোগ কৰে বি জে পিৰ বকো মণ্ডলৰ সম্পাদক গৌতম দাসে। কৃষি বিভাগৰ এই কাৰ্য্যক শলাগ লয় কৃষক সমাজে।