ashomiyapatrika.com

দীপৰ বিল সংৰক্ষণৰ বাবে ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

0 42

বিলত কোনো ধৰণৰ দূষিত পানী নেপেলাবলৈ নিৰ্দেশ

গুৱাহাটীঃ দেশী বিদেশী চৰাইৰ বিচৰণথলী হিচাপে পৰিচিত আৰু আন্তৰ্জাতিক ৰামছাৰ ক্ষেত্রত স্থান পোৱা গুৱাহাটীৰ দীপৰ বিলৰ পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক কেবাটাও পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্য যে দীপৰ বিলখন যাতে চিৰদিন প্ৰদূষণমুক্ত আৰু পৰিবেশ অনুকূল ভাৱে সংৰক্ষণ হৈ থাকে তাৰ বাবে যোৱা ফেব্ৰুৱাৰী মাহত দীপৰ বিলৰ কাষৰীয়া অঞ্চলৰ তিনিজন ব্যক্তি ক্ৰমে – চকৰদৌৰ গো – পালক প্ৰমোদ কলিতা, পামহীৰ কৃষক সনেশ সুৰক্ষাৰ বিষয়ক লৈ প্ৰমোদ টেৰণ আৰু গড়চুকৰ ব্যৱসায়ী দীপক তেৰাঙে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (পি আই

এল নম্বৰঃ ১৮/২০২৩) দাখিল কৰিছিল। সেই পি আই এলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৭ মাৰ্চত জি এম ডি এ, জি এম চি, বন বিভাগ, উত্তৰ পূব সীমান্ত ৰেলৱেকে ধৰি ১৭ বিভাগলৈ দীপৰ বিল সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰিছিল। তাৰ পাছত ২৭ এপ্ৰিল, ১৮ মে, আৰু ২৬ জুলাইত জাননীৰ উত্তৰ সম্পৰ্কীয় তিনিলানি শুনানী গ্ৰহণ কৰা হয়। ২৬ জুলাইত গ্ৰহণ কৰা শুনানীত মূখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ সুনন শ্যামৰ এখন বিচাৰপীঠে দীপৰ বিলৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰক কেবাটাও পৰামৰ্শাৱলী আগবঢ়ায়। মুখ্য ন্যায়াধীশ মেহতাই দীপৰ বিলৰ ভূমিত বেদখল প্রতিহত কৰাৰ বাবে

বিলখনৰ চাৰিওফালে বাই চাইকেল চলাৰ পৰা ট্রেকসহ এটা প্রমোদ মার্গ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়ায়। বিলখনৰ কাষৰ এই পথত জীৱাশ্ম ইন্ধনত চলা বাহনৰ চলাচলত অনুমতি নিদিবলৈ পৰামৰ্শ দিয়া হৈছে। এই প্রমোদ ভ্রমণ মাৰ্গৰ কাষত ফুড পার্ক, মনোৰঞ্জন কেন্দ্র, উদ্যান আদি স্থাপনৰো পৰামৰ্শ দিয়া হৈছে। আনহাতে, বিলখনলৈ মহানগৰীৰ প্ৰদূষিত পানী বা বৰ্জিত পানী সোমোৱা প্ৰতিটো স্থানত একোটা বৰ্জিত পানী পৰিশোধন কেন্দ্র (এছ টি পি) স্থাপন কৰিবলৈ আৰু বিলখন ছানি ধৰা পানীমেটেকাবোৰ শীঘ্ৰে আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক মুখ্য ন্যায়াধীশজনে পৰামৰ্শ দিছে। লগতে বিলখনত জীৱাশ্ম ইন্ধন ব্যৱহাৰ নকৰা নাও

চলাবলৈহে অনুমতি দিয়া আৰু বাণিজ্যিকভাৱে মাছমৰা কাৰ্য বন্ধ কৰাৰো পৰামৰ্শ দিয়া হৈছে। তেওঁ চৰকাৰক দীপৰ বিলক বিশ্বৰ ভিতৰতে আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ সুযোগ গ্ৰহণ কৰিব পৰাকৈ আঁচনি লোৱাৰ পৰামৰ্শ দিয়ে। ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই আদালতৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰিবলৈ চৰকাৰ আগ্ৰহী বুলি শুনানীত উল্লেখ কৰে ৷ উল্লেখ্য যে আবেদনকাৰী হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে জেষ্ঠ্য অধিবক্তা দেৱজিৎ কুমাৰ দাসে। ইফালে ন্যায়ালয়ে পৰৱৰ্তী শুনানীৰ দিন অহা ২৪ আগষ্ট ধাৰ্য কৰিছে। আনহাতে ন্যায়ালয়ৰ শুনানীত সন্তোষ প্ৰকাশ কৰি আবেদনকাৰী ক্ৰমে – দীপক তেৰাং, সনেশ টেৰণ আৰু

প্ৰমোদ কলিতাই কয় আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আমাৰ কথা হল দীপৰ বিলখন চিৰদিন প্ৰাকৃতিকভাৱে সংৰক্ষণ হৈ থাকিবলৈ হলে বিলৰ কাষৰীয়া অঞ্চলত কোনো ধৰণৰ দূষিত আৱৰ্জনা পেলোৱা ডাম্পিং গ্রাউণ্ড থাকিব নালাগিব। সমান্তৰালভাৱে বিলত পোনপটীয়াকৈ কোনো ধৰণৰ দূষিত বা বৰ্জিত পানী পেলাব নোৱাৰিব।

Leave A Reply

Your email address will not be published.