ashomiyapatrika.com

তিনিদিনীয়া ভ্ৰমণ সুচীলৈ বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাঃ বিকাশ উৎসৱত অংশলৈ কে’বাখনো আঁচনিৰ শুভাৰম্ভ

0 46

পাঁচশ পছপন্ন কৌটি টকীয়া কেবাটাও আঁচনিৰ আধাৰশিলা স্থাপনঃ আগন্তুক বিধান সভা অধিৱেশনত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’বঃ মুখ্যমন্ত্ৰী

বঙাইগাওঃ বঙাইগাঁও জিলাত বিভিন্ন উন্নয়নমূলক আঁচনিৰ শিলান্যাস আৰু লোকাৰ্পণ কাৰ্যসুচীক সামৰি জিলাখনৰ বিকাশ উৎসৱ হিচাপে অনুষ্ঠিত এক অনুষ্ঠানৰ লগতে আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিদিনীয়া ভ্ৰমণসূচীৰে আহি বঙাইগাঁও জিলাত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও জিলাত উপস্থিত হোৱাৰ পিচতে বঙাইগাঁও জিলাৰ বৰঘোলাত উপস্থিত হৈ বৰঘোলা-কীৰ্তনপাৰা সংযোগী আই নৈৰ ওপৰৰ দলংখন উদ্বোধন কৰে ৷ সেইদৰে বিয়লি বঙাইগাঁও মহাবিদ্যালয়ৰ খেল পথাৰত বিকাশ উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে ৷ ৰাজহুৱা

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত বৰ্তমানৰ বঙাইগাঁও জিলাৰ পূৱ অংশত বৰঘোলা- কীৰ্তনপাৰাৰ মাজত সংযোগী আইনৈৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা পকী দলঙে জিলাখনৰ স্বাধীনতাৰ পাছত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত বিকাশৰ পৰিৱৰ্তন কৰিব বুলি উল্লেখ কৰে ৷ একেদৰে সমগ্ৰ ৰাজ্যখনত গ্ৰহণ কৰা ‘বিকাশৰ বাবে এদিন’ শীৰ্ষক কাৰ্যসুচীৰ জৰিয়তে অসম চৰকাৰে গ্ৰহণ কৰা তথা ৰূপায়ণ সম্পূৰ্ণ হোৱা আঁচনি অনুসৰি কেবাটাও অভিলাসী প্ৰকল্প উন্মোচন কৰাৰ লগতে কেবাখনো প্ৰস্তাৱিত আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ বিকাশ উৎসৱৰ সভাত বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক

ফণী ভূষণ চৌধুৰীয়ে আদৰণি ভাষণত ৰাজ্য চৰকাৰৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৷ কেবা হেজাৰ লোক উপস্থিত থকা সভাত বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰ, দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ, কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মণ, মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মন, জিলা পৰিষদৰ সভাপতি বিজয় কুমাৰ সিংহ, জিলা উপায়ুক্ত নৱদ্বীপ পাঠক সহ কে’বাজনো অতিথিয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে আজি প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ

হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পোনতে বঙাইগাঁও আৱৰ্ত ভৱনত উপস্থিত হোৱাৰ পাছত জিলাখনৰ উত্তৰ শালমাৰাৰ বৰঘোলাত উপস্থিত হৈ বৰঘোলা আৰু কীৰ্তনপাৰা মাজত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৬৯. ৩৮ কোটি ব্যয় সাপেক্ষে নিৰ্মিত পকী দলংখন মুকলি কৰে ৷ ইয়াৰ পাছতে অভয়াপুৰী দুৰামাৰীৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰত উপস্থিত হৈ সেৱা জনায় ৷ বিয়লিলৈ বঙাইগাঁও লৈ আহি ছহিদ বেদীৰ পৰা ঘোগীঘোপাৰ মাজত অসম মালা আঁচনিৰ অধীনত ৪১৭.১৩ কৌটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বঙাইগাঁও- যোগীঘোপা বিকল্প পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বঙাইগাঁও মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত বিকাশ

উৎসৱৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে৷ মুখ্য মন্ত্ৰী গৰাকীয়ে উক্ত সভাত ভাৰ্ছুৱেল যোগে ১৫.৬৯ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বঙাইগাঁও ইক’ পাৰ্ক আৰু জল ক্ৰীড়াৰ বাবে জলাশয়, ২৫ লাখ টকা ব্যয়ৰে ৰাষ্ট্ৰীয় পতাকা, ভেটী স্তম্ভ মুকলি, ৫০ লাখ টকা ব্যয় সাপেক্ষ চহৰখনৰ উৰণীয়া সেতুৰ তলত থিম পাৰ্ক, জিলা পুথিভঁৰাল প্ৰাংগণত ১৪ লাখ টকা খৰচেৰে নিৰ্মাণ কৰা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু ৮ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি বঙাইগাঁৱৰ ৰাইজক উছৰ্গা কৰে। আনহাতে যোগীঘোপাৰ পৰা বঙাইগাঁও চহৰৰ শ্বহীদ বেদীলৈ অহা পথছোৱা উন্নত কৰাৰ কামৰ শুভাৰম্ভ কৰে ৷ বিকল্প পথছোৱা নিৰ্মাণৰ

বাবে ৪১৭.১৩ কোটি টকা অসম মালা আঁচনিত মঞ্জুৰ কৰা হৈছে ৷ একেদৰে বৰঘোলাৰ ৰঘূনাথ মন্দিৰৰ আন্ত:গাঁথনি উন্নয়নৰ কামৰ বাবে ৬. ২০ কোটি টকা, তালগুৰি-বাসুগাঁও পথৰ বাবে ৫. ৪০ কোটি টকা, নোৱাগাঁও-ৰাঙাপানী পথৰ বাবে ৫. ৪০ কোটি টকা , আটুগাঁও-চুঙাপোটা পথৰ বাবে ১. ১১ কোটি টকাৰ লগতে বঙাইগাঁৱৰ বৰ্ষণগাঁৱত মিনি ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে ১১. ১৯ কোটি টকাৰ আঁচনি সমূহৰ আধাৰ শিলা স্থাপন কৰে। উল্লেখ্য যে, বঙাইগাঁও চহৰৰ বাবে এটা বিকল্প পথৰ প্ৰস্তাৱ সম্পৰ্কে ইতিবাচক সঁহাৰি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয় যে অহা ১৬ চেপ্টেম্বৰত অনুষ্ঠিত বিধান সভাৰ অধিৱেশনত বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ব

বিদ্যালয়লৈ উন্নীত কৰা হ’ব। তেওঁ লগতে কয় যে গাঁৱৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু হেল্থ কাৰ্ডৰ সুবিধা পাইছে নে নাই সেইবোৰ এতিয়াৰ পৰা গাঁওসমূহত গৈ নিশ্চিত কৰাৰ কথা ৰাইজৰ আগত প্ৰকাশ কৰে ৷ ইপিনে বঙাইগাঁও চহৰত আজি আবেলিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক সকলৰ সন্মিলন আৰম্ভ হৈছে ৷ ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও চহৰৰ বঙাইগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ভূমিত নিৰ্মাণ কৰি উলিওৱা ১৭. ৯৪ কোটি ব্যয় সাপেক্ষে নৱ নিৰ্মিত আলোচনা ভৱন তথা সন্মিলন কেন্দ্ৰ ভৱনৰ শুভাৰম্ভ কৰে৷ কেন্দ্ৰ শুভ উদ্বোধন অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক

প্ৰধান জি পি সিং সহ ভালে সংখ্যক বিষয়া উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও চহৰৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাষতে নৱনিৰ্মিত আৰক্ষীৰ সন্মিলন আৰু অভিৱৰ্তন কেন্দ্ৰত আজি নৈশ যাপন কৰিব। কাইলৈ ইয়াতে অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকসকলৰ সন্মিলন। মুখ্যমন্ত্ৰী এই সন্মিলনত উপস্থিত থাকি আইন-শৃংখলাৰ বুজ লোৱাৰ লগতে অভিযুক্তৰ বিৰুদ্ধে সময়মতে অভিযোগনামা আৰক্ষীয়ে আদালতত দিব নোৱাৰা বিষয়ৰ ওপৰত আলোকপাত কৰি এই সমস্যাটোৰ সমাধান উলিওৱাৰ বাবে আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.