ashomiyapatrika.com

ভূপেন বৰাক দেৱালয় সংঘৰ ধিক্কাৰ

0 41

গুৱাহাটীঃ সনাতনীধৰ্মৰ প্ৰাণ ভগৱান শ্ৰীকৃষ্ণৰ লগতে পিতামহ ভীষ্ম, কৌৰৱৰাজ ধৃতৰাষ্ট্ৰ, গান্ধাৰীৰ আৰু সৰ্বজন সমাদৃত মহাকাব্য মহাভাৰতক বৰ্তমান সময়ত চলি থকা অতি নিকৃষ্ট লাভ জেহাদীৰ সৈতে তুলনা কৰি সমগ্ৰ বিশ্বৰ অতি প্ৰাচীন সকলোৰে সমাদৃত সনাতনী ধৰ্মৰ ওপৰত বৰ্বৰ ভাৱে অপমান কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি অতি ঘৃণনীয় ভাৱে দাম্ভিকতাৰে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰি এক অক্ষমনীয় অপৰাধ কৰিছে বুলি সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক কৈলাশ উল্লেখ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা

কৰিছে। বিজ্ঞপ্তি যোগে সভাপতি সুৰেশ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক কৈলাশ শৰ্মাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মালম্বী মাজত যুগ যুগ ধৰি থকা সাতামপুৰুষীয়া সম্প্ৰীতি বিঘ্নিত কৰি শান্তিপূৰ্ণ ভাৱে বসবাস কৰি থকা বিভিন্ন সম্প্ৰদায়ৰ মাজত বিষবাস্প চটিয়াবলৈ প্ৰয়াস কৰাৰ বাবে ভূপেন বৰা গৰিহণা দিয়াৰ লগতে ৰাইজক সকলো সময়তে সজাগ হৈ থাকিবলৈ আহ্বান জনাই ৰাজ্য প্ৰশাসনক এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.