টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
গুৱাহাটীঃ ৰাজ্যবাসীক কন্দুৱাই ইহলোকলৈ গমন কৰিলে টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীয়ে৷ আজি পুৱা ৭:১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। টোকাৰী গীতৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা বৈৰাগীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উমাকান্ত বৈৰাগী। আজি পুৱা গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসগৃহত মৃত্যু হয় বৈৰাগীৰ৷ কেইবাটাও বটা বাহনৰ লগতে সংগীত নাটক অকাডেমীৰ বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে। দীৰ্ঘদিনৰ পৰা অসুস্থতাত ভূগি থকা শিল্পীগৰাকীক মঙলবাৰে চৰকাৰে আগবঢ়াইছিল আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আগবঢ়াইছিল এক লাখ টকাৰ সাহায্য। আৰু আজি পুৱাই তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ উল্লেখ্য যে অসমৰ লোক-সংস্কৃতিৰ তথা অসমৰ লোক-সংগীতৰ সাধক-শিল্পী উমাকান্ত বৈৰাগীদেৱৰ মৃত্যুৰ খবৰে দুচকু সেমেকাই পেলালে।ডিব্ৰুগড় খোৱাং তথা বৰ্তমান গুৱাহাটীৰ বাসিন্দা বৈৰাগীয়ে নৱ প্ৰজন্মৰ মাজত টোকাৰী গীতক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত বৈৰাগীয়ে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। টোকাৰী গীত চৰ্চাৰ বাবেই সৈনিকৰ চাকৰিও তেওঁ প্ৰত্যাখ্যান কৰিছিল তেওঁ।তেওঁ বিহুনাচ, ভাওনা, দিহানাম আদিৰো সমানে চৰ্চা অব্যাহত ৰাখিছিল৷ ভোৰতাল, খৰতাল আদি চৰ্চা কৰাৰ
লগতে নতুন প্ৰজন্মক শিকোৱাৰ চেষ্টাও চলাই গৈছিল৷ প্ৰায় ১৪০০ টোকাৰী গীত ৰচনা আৰু পৰিবেশন কৰি যাদুকৰী কণ্ঠই সকলোকে আবেগিক কৰিব পাৰিছিল। মৃত্যুৰ সময়ত সাংবাদিক পুত্ৰ ডিম্বেশ্বৰ গগৈৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ যায়৷ কাঞ্চননগৰত আত্মীয় স্বজন আৰু গুনমুগ্ধই শেষ শ্ৰদ্ধা জনোৱাৰ পিছত তেওঁৰ মৃতদেহ শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হয়৷ আৰু তাত অসংখ্য লোকে শেষ শ্ৰদ্ধা জনায়৷ ইয়াৰ পিছত বিশাল শোভাযাত্ৰাৰে বৈৰাগীৰ মৃতদেহ নৱগ্ৰহ স্মশানলৈ অনা হয় আৰু পিছত চৰকাৰ তথা প্ৰশাসনৰ লোকৰ উপস্থিতত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱালক ধৰি অসংখ্য দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে