ashomiyapatrika.com

গুৱাহাটীত প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ বৰ্ষপূর্তি অনুষ্ঠানঃ ‘সম্বৰ্দ্ধনা আৰু শৈক্ষিক উত্তৰণ’ সভাত অসমৰ শিক্ষামন্ত্রী ডাঃ ৰনোজ পেগুৰ অংশগ্ৰহণ

0 33

গুৱাহাটীঃ গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত আজি সদৌ অসম প্রাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজৰ বৰ্ষপূর্তি উপলক্ষে এখন ‘সম্বৰ্ধনা আৰু শৈক্ষিক উত্তৰণ’ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে প্রাথমিক শিক্ষা বিভাগৰ যুটীয়া সচিব আৰু জ্যেষ্ঠ পৰামৰ্শদাতা মচুকুন্দ গগৈয়ে। আজি সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীর্ণ শিক্ষক সমাজৰ তৰফৰ পৰা টেট্‌ শিক্ষকৰ সন্তান যিসকলে বিগত ২০২২-২০২৩ শিক্ষাবৰ্ষত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত স্থান লাভ কৰিছে তেওঁলোকৰ লগতে ঠিকাভিত্তিক টেট উত্তীর্ণ


শিক্ষকতাৰ পৰা অৱসৰপ্ৰাপ্ত দুজন শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আজি সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই শিক্ষকসকলক লৈ ‘সামাজিক আৰু সাংগঠনিক দায়বদ্ধতাৰে নেতৃত্বৰ গুণগত বিকাশ’ শীর্ষক এখনি কর্মশালা অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা দুই শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সন্থা, উত্তৰ-পূৱ মণ্ডলৰ সভাপতি মনোজ ৰয় আৰু চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড্‌ ইউনিয়নৰ সাধাৰণ সম্পাদক তপন শৰ্মাই। আৰম্ভণিৰ পৰা শেষ মুহুৰ্তলৈ সকলো অংশগ্ৰহণকাৰীয়ে একাগ্ৰতাৰে সহযোগিতাই কৰ্মশালাখনিৰ সফলতাৰ কথাকে সূচায়


বুলি সংগঠনটোৰ নেতৃত্বই জানিবলৈ দিয়ে। ৰাজ্যখনৰ ঠিকাভিত্তিক শিক্ষকৰ সকলো সমস্যাৰ অতি তৎকালেই চৰকাৰীভাৱে সমাধান কৰা হওক তাৰ আহ্বান জনাই আশা প্ৰকাশ কৰে শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই। ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনত সেৱাব্ৰতী ঠিকাভিত্তিক শিক্ষকসকলৰ সমস্যাসমূহ চৰকাৰী পৃষ্ঠপোষকতাত সমাধানৰ আশা প্ৰকাশ কৰে শিক্ষক সমাজৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়া আৰু পাৰ্থ প্ৰতিম গগৈয়ে।

Leave A Reply

Your email address will not be published.