ashomiyapatrika.com

দেশজুৰি ‘মণিপুৰ সংহতি দিৱস’ পালন শ্ৰমিক- কৃষক সংগঠনসমূহৰ

0 33

অশান্ত মণিপুৰত শান্তিৰ হকে চৰকাৰে তৎক্ষনিক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী

গুৱাহাটীঃ মনিপুৰত পৈশাচিক নৰহত্যাৰ অৱসান ঘটোৱাৰ হকে সকলো শান্তিপ্ৰিয় ৰাইজক ঐক্যবদ্ধ হোৱাৰ আহবান জনাই দেশৰ আগশাৰীৰ শ্ৰমিক সংগঠন চি আই টি ইউ, বৃহত্তম কৃষক সংগঠন এ আই কে এছ আৰু কৃষি শ্ৰমিক সংগঠনে যৌথভাৱে আজি দেশজুৰি ‘মণিপুৰ সংহতি দিৱস’ পালন কৰে। অসমতো সংগঠন কেইটাই যৌথভাৱে বঙাইগাঁও, বৰপেটা, নলবাৰী, গোৰেশ্বৰ, নগাঁও, তেজপুৰ, বিশ্বনাথ, ধুবুৰী, গোৱালপাৰা, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ঠাইৰ উপৰিও গুৱাহাটীৰ দীঘলীপুৰখুৰীৰ পাৰত অৱস্থান কাৰ্যসূচী পালন কৰে। গুৱাহাটীৰ কাৰ্যসূচীত অংশ লৈ অসমৰ প্ৰবীন বাওপন্থী আন্দোলনৰ নেতা হেমেন দাসে কয় যে চলিত বছৰৰ

৩ মে’ৰ পৰা মণিপুৰ অশান্ত হৈ আছে। মণিপুৰ ৰাজ্যৰ দুই প্ৰধান জনগোষ্ঠী কুকী আৰু মেইতেইৰ মাজত থকা উগ্ৰ জাতিয়তাবাদী গোটৰ সংঘøই এক পৈশাচিক ৰূপ ধাৰণ কৰিছে। দাসে কয় যে মণিপুৰৰ সাম্প্ৰতিক ঘটনাৱলীৰ অন্তৰালত দেশৰ বৃহৎ পুঁজিপতি দ্বাৰা মণিপুৰৰ প্ৰাকৃতিক সম্পদ লুন্ঠনৰ গভীৰ ষড়যন্ত্ৰ আছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ জৰিত হৈ আছে। কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সধাৰণ সম্পাদক তপন শৰ্মা, অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস, এছ এফ আইৰ ৰাজ্যিক নেত্ৰী অনুজা ডেকা, ডি ৱাই এফ আইৰ যুটিয়া সম্পাদক নিৰঙ্কুশ নাথ, অসম ৰাজ্যিক কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞা, জে চি টি ইউৰ

আহবায়ক ভৱেন্দ্ৰ কলিতাই উপস্থিত থাকি প্ৰতিবাদকাৰী ৰাইজক উদ্দেশি্য বক্তব্য ৰাখে। বক্তাসকলে কয় যে মণিপুৰৰ হিংসাত চৰকাৰী তথ্য মতেই এশতকৈ অধিক লোকৰ মৃত্যু হৈছে, এক লাখতকৈ অধিক লোক গৃহহাৰা হৈ আশ্ৰয় শিৱিৰত জীয়াতু ভুগি আছে। শেহতীয়াভাৱে গাভৰু ছোৱালীক নগ্ন কৰি পিশাচৰ দলে ৰাজপথত সমদল কৰোৱা আৰু দলবদ্ধ ধøন কৰি হত্যা কৰাৰ দৰে বৰ্বৰ ঘটনাৰো খবৰ আহিছে। মনিপুৰৰ শ্ৰমজীৱি আৰু কৃষিজীৱি ৰাইজ তথা নিৰিহ জনগণে এক ভয়াৰ্ত জীৱন কটাব লগীয়া হৈছে। সকলো ক্ষেত্ৰতে কেৱল ভোটৰ ৰাজনীতিত বলিয়ান কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে নিৰ্বিকাৰ, নিৰ্লিপ্ত ভূমিকা লৈ মনিপুৰৰ ঘটনাৱলীৰ যেন

আমোদ হে লৈ আছে। মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ বাবে বিজেপি চৰকাৰে জাড়িত হৈ আছে। এই কথা স্বয়ং বিজেপিৰ বিধায়কে অভিযোগ কৰা পৰিলক্ষিত হৈছে। সেইকাৰণে এই সংঘø প্ৰায় তিনি মাহ ধৰি চলি থকাৰ পিছতো ইয়াক শান্ত কৰাৰ বাবে কেন্দ্ৰ আৰু মণিপুৰৰ বিজেপি চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই। সংগঠন কেইটাই মণিপুৰৰ শান্তিৰ স্বাৰ্থতেই তৎকালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ দাবী কৰে। ইতমিধ্যে ৰাজ্যখনৰ দুই সম্প্ৰদায়ৰ সাধাৰণ মানুহে এই দাবী কৰে আৰু শান্তি বিচাৰি কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাই আহিছে। ইতিমধ্যে আৰ্থিক অনাটনত পৰি বহুলোকৰ জীৱন জীৱিকা অতি শোচনীয়

হৈ পৰিছে। জানিব পৰা মতে হাবিয়ে জংঘলে বহুলোক গোপনে থাকিব লগীয়া হৈছে। এক কদাৰ্যময় অৱস্থাৰ সৃষ্টি হৈছে মণিপুৰৰ গ্ৰাম্যাঞ্চল। তেনে পটভূমিত মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ হকে কেন্দ্ৰীয় চৰকাৰে তাংক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা, আশ্ৰয় শিৱিৰত পৰ্যাপ্ত খাদ্য যোগান আৰু চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা, মণিপুৰৰ জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায়। সংগঠন কেইটাই বিজেপি চৰকাৰে কৰা বিভেদৰ ৰাজনীতিৰ বাবে ধিক্কাৰ জনোৱাৰ লগতে মণিপুৰৰ ঘটনাৰ প্ৰতিক্ৰিয়া দিবলৈ ৭৯ দিন কিয় লাগিল কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাভাৱে প্ৰকাশ কৰিবলৈ দাবী জনায়।

Leave A Reply

Your email address will not be published.