ashomiyapatrika.com

কামৰূপ জিলা আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ যৌথ উদ্যোগত বকোত পথ সুৰক্ষা সজাগতা শোভাযাত্ৰা ও সভা

0 32

বকোঃ ‘পথ সুৰক্ষা জীৱন সুৰক্ষা’ – ‘সজাগ হওঁক জীৱন ৰক্ষা কৰক’ শ্লোগানেৰে আজি কামৰূপ জিলাৰ বকোত কামৰূপ জিলা আৰক্ষী আৰু জিলা পৰিবহণ বিভাগৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতাৰ শোভাযাত্ৰা আৰু ৰাজহুৱা সভা। ‘ট্ৰেফিক আইন মানি চলক’ ‘সুৰাপান কৰি চলালে বাহন যমদূতৰ হ’ব আগমন’ এনেধৰণৰ ৰাইজে সজাগ হ’ব পৰা অথবা সজাগ হ’বলৈ পৰামৰ্শ প্ৰদান কৰা বাণীৰে আয়োজন কৰা সজাগতাৰ অনুস্থান আৰু সমদল আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই। ইফালে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথৰ তৎপৰতাত আয়োজন কৰা অনুস্থানত

অংশগ্ৰহণ কৰে কামৰূপৰ জিলা পৰিবহন বিষয়া ৰূপজ্যেতি কলিতা, জিলা উপ আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ শইকীয়া, বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈ, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বকোৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা, বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়া, বিশিষ্ট সমাজ কৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি অচ্যুত সাহা, বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা, বি এড কলেজৰ প্ৰধান সচিব তথা শিক্ষাবিদ ড° গণেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত বন প্ৰাধিকাৰী বিষয়া প্ৰহ্লাদ বড়ো, ক্ৰীড়া সংগঠক মনোৰঞ্জন কলিতাৰ উপৰিও বহু সংখ্যক সমাজ সচেতন নাগৰিক। উল্লেখ্য যে

বকোৰ বিশিষ্ট যুৱ সাংবাদিক গোবিন্দ দলৈয়ে আত ধৰা অনুস্থানত বকো আৰক্ষী থানাৰ এলেকাৰ গাওঁ ৰক্ষী বাহিনীৰ লোক সকল, ছাত্ৰ সংগঠনৰ বিষয় ববীয়া সকল, এন চি চি ৰ কেডেট সকল, বিহুকে ধৰি ভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য দলৰ শিল্পীৰ উপস্থিতিত আয়োজন কৰা হয় সজাগতা সভা খন। প্ৰতিভাবান শিল্পী চয়নিকা কলিতাই পৰিবেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা সজাগতা সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ যান বাহন আইন মানি চলি বাহন চলাওতে হেলমেট পৰিধান কৰি, বাহনৰ নথি পত্ৰ ঠিক ঠাক কৰি ৰাখিবলৈ, ছিট বেল্ট বান্ধি লোৱা আৰু অন্যান্য নীতি

নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ উপৰিও ৰাজ্য চৰকাৰক জধে মধে মদৰ দোকানৰ লাইচেন্স নিদিবলৈ আহ্বান জনায়। সভাত কামৰূপ জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰাজিৱ কুমাৰ শইকীয়াই চৰকাৰৰ যান বাহন আইন মানি নচলা বাবে বহু পৰিয়ালৰ সদস্য সংখ্যা হ্ৰাস পাইছে। বহু পৰিয়ালৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে এনে বহু উদাহৰণ দাঙি ধৰি নিজক মৰম কৰিবলৈ জনসাধাৰণক সজাগ হোৱাৰ পৰামৰ্শ তথা আহ্বান জনায়। তীব্ৰ গতি পৰিহাৰ কৰি অথবা মদ্যপান কৰি বাহন নচলাবলৈ কঠোৰ ভাৱে আহ্বান জনায়। সভাত বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈয়ে ‘পথ সুৰক্ষা জীৱন সুৰক্ষা, সজাগ হওঁক জীৱন ৰক্ষা কৰক’ শ্ল’গান মানি চলিবলৈ পৰামৰ্শ দিয়ে। অনুস্থানত পথ সুৰক্ষাৰ সজাগতাৰ ওপৰত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.