টিহু সাহিত্য সভাৰ উদ্যোগত ‘টিহু নগৰৰ ঐতিহ্য’ আৰু ‘শ্ৰীকৃষ্ণৰ সাৰাৱলী আখ্যান’ পুথি উন্মোচন
নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শতদল শাখা টিহু সাহিত্য সভাৰ উদ্যোগত আজি টিহু ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অণিমা দেৱী ৰচিত ‘শ্ৰীকৃষ্ণৰ সাৰাৱলী আখ্যান’ আৰু টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকা ৰচিত ‘টিহু নগৰৰ ঐতিহ্য’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়। টিহু সাহিত্য ভৱনত এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে টিহু সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ দাসে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আঁত ধৰে টিহু সাহিত্য সভাৰ সম্পাদক ডঃ হেমেন ৰাজবংশীয়ে। টিহু সাহিত্য সভাৰ উপ সভাপতি ডঃ সুৰজিত বৰ্মনে আদৰণী ভাষণ দিয়া
সভাখনত ‘শ্ৰীকৃষ্ণৰ সাৰাৱলী আখ্যান’ গ্ৰন্থখন উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই। তদুপৰি ‘টিহু নগৰৰ ঐতিহ্য’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ শৰ্মাই। সোণালী দেৱীৰ বৰগীতেৰে আৰম্ভ কৰা সভাখনত গ্ৰন্থ প্ৰণেতা সোমনাথ ডেকা আৰু অণিমা দেৱীয়ে গ্ৰন্থ লিখাৰ আঁৰৰ অনুভৱ ব্যক্ত কৰে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে মহেশ চন্দ্ৰ শৰ্মা, ভৱকান্ত কলিতা, শংকৰ কুমাৰ দাস প্ৰমুখ্যে বহু সংখ্যক গণ্য মান্য লোকে অংশ লোৱা এই সভাখনতে সদ্য ঘোষিত
উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান দখল কৰা কস্মিতা দেৱীক টিহু সাহিত্য সভাৰ তৰফৰপৰা সাদৰ অভিনন্দন জ্ঞাপন কৰা হয়। সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ শৰ্মাই এটি লোকগীত পৰিৱেশনেৰে অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰে। জাতীয় সংগীত পৰিৱেশনৰে সভা সমাপন কৰা হয়।