ashomiyapatrika.com

শিলসাঁকোত পুনৰ উত্তাল প্ৰতিবাদ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰঃ তেজ দিম মাটি এৰি নিদিয়াৰ হুংকাৰ

0 37

গুৱাহাটীঃ শিলসাঁকোৰ পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিবাদত পুনৰ উত্তাল হ’ল মহানগৰীৰ শিলসাঁকোৰ পাৰ। দীৰ্ঘদিন ধৰি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক বৈঠকত অংশগ্ৰহণ কৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ কর্তৃপক্ষ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ আৰু জিলা উপায়ুক্তক যুটীয়াভাৱে পর্যালোচনা কৰি পুনৰ উচ্ছেদ চলাবলৈ পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ খবৰ পোৱাত পুনৰ জাঙুৰ খাই উঠিল শিলসাঁকোৰ

থলুৱা ৰাইজ। আজি দিনৰ ১১ বজাত শিলসাঁকোৰ প্ৰকল্পস্থলীত শিলসাঁকোৰ থলুৱা লোকসকলে হাতে হাতে বেনাৰ, প্লে-কার্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে অঞ্চলটোৰ আকাশ-বতাহ কপাই তোলে। মাটি আমাক লাগিবই, উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিব লাগিবই, তেজ দিম মাটি এৰি নিদিওঁ, থলুৱাক উচ্ছেদ কৰা বন্ধ কৰক, বহিৰাগত পুঁজিপতিৰ স্বাৰ্থত থলুৱাক উচ্ছেদ কৰা নচলিব, থলুৱা বিৰোধী বিজেপি চৰকাৰ হায় হায়, পুনৰ উচ্ছেদ কৰা বন্ধ কৰক, থলুৱা বিৰোধী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে উচ্ছেদ প্রতিৰোধী ৰাইজে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ নেত্ৰী

গায়ত্ৰী বৰি আৰু নেইনা বেগমে কয় যে আজি চাৰিমাহ ধৰি শিলসাঁকোৰ উচ্ছেদিত থলুৱা লোকসকলে উচ্ছেদ সম্পূর্ণৰূপে বন্ধ ৰখা আৰু উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত প্ৰতিবাদ কৰি থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে। বৰং মুখ্যমন্ত্ৰীজনে পুনৰ উচ্ছেদ কৰিবলৈ পৰিকল্পনা যুগুত কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ এনে থলুৱা বিৰোধী নীতি কেতিয়াও মানি লোৱা নহ’ব। এইবাৰ শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ আহিলে আমাক প্রথমতে গুলিয়াই মাৰিব লাগিব বুলি সকীয়াই নেত্রীদ্বয়ে। আজি প্রতিবাদী কাৰ্যসূচীত ভাগ লৈ কৃষক মুক্তি সংগ্ৰাম

সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বহিৰাগত বণিয়াৰ স্বাৰ্থত শিলসাঁকোত পুনৰ থলুৱা লোকক উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্ত অত্যন্ত দুর্ভাগ্যজনক। পূৰ্বৰ উচ্ছেদৰ সময়তো চৰকাৰ প্ৰশাসনে বাচি বাচি কেৱল থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতিৰ বৃহৎ বৃহৎ আট্টালিকাসমূহ চৰকাৰ প্ৰশাসনৰ বুলডজাবে ঢুকি নাপালে। নির্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰতিটো থলুৱা পৰিয়ালক মাটিৰ অধিকাৰ প্ৰদান কৰিম বুলি ভুৱা প্ৰতিশ্রুতি দি এতিয়া উচ্ছেদ চলাইছে। থলুৱা লোকৰ মাটি বহিৰাগত পুঁজিপতিক দিবলৈ উঠিপৰি লাগিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। গুৱাহাটীৰ ৫০ শতাংশ

কৃত্রিম বানপানী শিলসাঁকোলৈ আহিছে বুলি ভুৱা প্ৰচাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে। বিভিন্ন ধৰণৰ কূটকৌশল প্ৰস্তুত কৰি শিলসাঁকো থলুৱা মুক্ত কৰিব খুজিছে চৰকাৰে। চৰকাৰৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এইবাৰ মৰণপন যুঁজ হ’ব বুলি সকীয়াই দিয়ে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে তেজ দিম কিন্তু মাটি এৰি নিদিওঁ বুলি শপত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.